Bajali:
এদিনৰ বাবে বজালীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰূপে অধিষ্ঠিত হ’ল বাৰবছৰীয়া নিবিড় নেছন বৰুৱা ৷ নিবিড়ে জ্যেষ্ঠ আৰক্ষী অধীক্ষক পোছাক পৰিধান কৰি এছএছপিৰ গাড়ীৰে কাৰ্যালয়ত উপস্থিত হৈ নিজ আসনত বহি সংবাদমেল সম্বোধন কৰে ৷
ADVERTISEMENT
এদিনৰ বাবে বজালীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰূপে অধিষ্ঠিত হোৱা সপ্তম শ্ৰেণীৰ ছাত্ৰ নিবিড় নেছন বৰুৱাই আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছতে উস্ম আদৰণি জনায় আৰক্ষী বিষয়া সকলে I উল্লেখ্য যে বিশ্ব শিশু দিৱস উপলক্ষে বজালী জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ এই ব্যতিক্ৰমী পদক্ষেপক ভূয়সী প্ৰশংসা কৰে সকলোৱে ৷ ৷




































