Judicial Custody: জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুঘটনাত অভিযুক্তক পুনৰ ন্যায়িক জিন্মালৈ প্ৰেৰণ

৭ অভিযুক্তৰ ন্যায়িক জিম্মাৰ অন্ত পৰিছিল আজি

zzzzz

Judicial Custody:

হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু ঘটনাত অভিযুক্ত ক্ৰমে শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য, নন্দেশ্বৰ বৰা, শেখৰজ্যোতি গোস্বামী, অমৃতপ্রভা মহন্তৰ আজি ন্যায়িক জিম্মাৰ অন্ত পৰিছিল ৷

সেই অনুসৰি নিৰাপত্তাজনিত কাৰণক আটাই কেইগৰাকী অভিযুক্তক ভার্চুৱেলী হাজিৰ কৰোৱা হয় আদালতত ৷ আদালতে পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । ফলত পুনৰ জে’লতে থাকিব লাগিব ৭ অভিযুক্তই ৷

উল্লেখ্য যে বাকসা কাৰাগাৰত শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, সন্দীপন গার্গ ,জুবিনৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য থকাৰ বিপৰীতে হাফলঙৰ উপ- কাৰাগাৰত আছে শ্বেখৰ-জ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্ত ৷

Exit mobile version