Wild Elephant Attack:গুৱাহাটীৰ চন্দ্ৰপুৰত অঘটন

বন্যহস্তিৰ আক্ৰমণত নিহত এজন লোক

deadbody 2

Wild Elephant Attack:

নিশা নামি অহাৰ পিছতে বন্যহস্তিৰ উপদ্ৰৱ বৃদ্ধি পায় গুৱাহাটীৰ পাশ্বৱৰ্তী চন্দ্ৰপুৰত ৷ বৃহস্পতিবাৰে নিশা সংঘটিত হোৱা বন্যহস্তিৰ আক্ৰমণত নিহত এজন লোক। নিহত লোকজন পাণবাৰী নলঘুলিৰ পীযূষ মাৰাক বুলি চিনাক্ত কৰা হয় ৷ লোকজনে খোজ কাঢ়ি গৃহাভিমুখী হোৱাৰ সময়ত আক্ৰমণ কৰে এটা বনৰীয়া হাতীয়ে ৷ গুৰুতৰভাবে আহত লোকজনক নিশাই ভৰ্তি কৰা হয় জিএমচিএইছত ৷ কিন্ত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে দুৰ্ভগীয়া লোকজনে ৷ উল্লেখ্য যে বনৰীয়া হাতীটো এটা হাতীজাকৰ স’তে ওলায় আহিছিল আমচাং অভয়াৰণ্যৰ পৰা।

Exit mobile version