Heavy fog:
শীতৰ আগমনৰ লগে লগে উত্তৰ ভাৰতত প্ৰচণ্ড ঠাণ্ডাৰ লগতে ঘন কুঁৱলীয়ে স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত কৰি তুলিছে ৷ ঘন কুঁৱলীৰ বাবেই ৰাজপথত যানবাহনৰ চলাচলৰ লেখিয়াকৈ ৰে’ল পথটো ৰে’লৰ চলাচলত ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে ৷
ADVERTISEMENT
যাৰবাবে ১ ডিচেম্বৰৰ পৰা ৩ মাৰ্চলৈকে বাতিল কৰা হৈছে ২৪ খন ৰে’লৰ চলাচল ৷ ইয়াৰ ভিতৰত আছে অসমৰ পৰা চলাচল কৰা কামাখ্যা-আনন্দ বিহাৰ এক্সপ্ৰেছ আৰু ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছ ৷ ঘন কুঁৱলীৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে বুলি সদৰী কৰিছে ভাৰতীয় ৰে’ল কৰ্তৃপক্ষই ৷




































