Road Accident in Hajo:হাজোৰ ৰাজপথত ভয়ংকৰ দুৰ্ঘটনা

টিউচনলৈ যোৱা তিনি ছাত্ৰীক মহতিয়াই নিলে বলে'ৰ বাহনে, উত্তেজিত ৰাইজে জ্বলাই দিলে বলে'ৰ খন

aacident

Road Accident in Hajo:

হাজোৰ ৰাজপথত শনিবাৰে পুৱাই সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা ৷ টিউচনলৈ গৈ থকাৰ সময়তে তিনি ছাত্ৰীক পিছফালৰ পৰা মহতিয়াই নিয়ে এখন বলে’ৰই ৷ থিতাতে এগৰাকী নিহত হোৱাৰ বিপৰীতে আন দুগৰাকীক সংকটজনক অৱস্থাত প্ৰেৰণ কৰা হয় জিএমচিএইছলৈ i

প্ৰাপ্ত খবৰ অনুসৰি হাজোৰ শনিয়াদীত ৰাজপথৰে পুৱা টিউচনলৈ বুলি গৈ আছিল তিনি ছাত্ৰী ক্ৰমে আদনিন নেহাৰ, ছাহিন আখতাৰা আৰু নাজমিন আখতাৰা ৷ সেই সময়তে তেওঁলোকৰ দিশেৰে তীব্ৰবেগত অহা বলেৰ’ বাহন এখনে তিনিওকে পিছফালৰ মহতিয়াই নিয়ে ৷ ফলত ঘটনাস্থলীত কৰুণ মৃত্যুক সাবটি লয় আদনিন নেহাৰ নামৰ ছাত্ৰী গৰাকী ৷ আন দুই ছাত্ৰী ছাহিন আখতাৰা আৰু নাজমিন আখতাৰাক মুমুৰ্ষ অৱস্থাত স্থানীয় লোকে ততাতৈয়াকৈ নিয়ে জিএমচিএইছলৈ ৷

আনহাতে দুৰ্ঘঘটনাটোৰ পিছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ ৰাজপথ অৱৰোধ কৰি উত্তেজিত ৰাইজে জ্বলাই দিয়ে বাহন খন । অৱশ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ৰাইজৰ বুজাই -বঢ়াই পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ছাত্ৰী গৰাকীৰ নিথৰ দেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰে ৷

Exit mobile version