Show Cause Notice:এআইইউডিএফ বিধায়ক সুজাম উদ্দিন লস্কৰলৈ কাৰণদৰ্শোৱা জাননী

৫ দিনৰ ভিতৰত লিখিত উত্তৰ দিয়াৰ নিৰ্দেশ, বিৰোধীৰে দলৰে সম্পৰ্ক ৰক্ষাৰ কৰাৰ অভিযোগ

aiudf

Show Cause Notice:

ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ থকা অৱস্থাত শাসকীয় বিজেপি সহ বিৰোধী ঐক্যমঞ্চৰ দল সমূহ ব্যাপক কুজকাৱাজ আৰম্ভ কৰাৰ মাজতে এআইইউডিএফৰ ভিতৰত চলিছে আভান্তৰীণ কন্দল ৷ ধুবুৰীত শোচনীয়ভাৱে পৰাস্ত হোৱাৰ পিছৰে পৰা স্বাস্থ্যজনিত কাৰণত বিগত চৈধ্যমাহ দলীয় কামকাজৰ পৰা আঁতৰি থকাৰ পিছত শেহতীয়াকৈ বদৰুদ্দিন আজমলে পুনৰ দলীয় কামত মনোনিৱেশ কৰিছে ৷ কিন্ত এআইইউডিএফ মূৰব্বী গৰাকী দলীয় কামত পুনৰ তৎপৰ হোৱাৰ পিছতে দলীয় মজিয়াত হাইলাকান্দিৰ কাটলিছেৰা সমষ্টিৰ বিধায়ক সুজাম উদ্দিন লস্কৰ বিগত বহুদিন ধৰি নিস্কিয় হৈ থাকি বিৰোধী দলৰে গোপন সম্পৰ্ক ৰক্ষা কৰাৰ গুৰুতৰ অভিযোগ উদ্থাপিত হৈছে ৷ দলীয় সাংগাঠনিক তৎপৰতাৰ বিপৰীতে দলীয় স্বার্থ বিৰোধী কাৰ্যকলাপ অব্যাহত ৰখাৰ অভিযোগমৰ্মে বদৰুদ্দিন আজমলৰ নিৰ্দেশ বিধায়ক সুজাম উদ্দিন লস্কৰলৈ কাৰণ দৰ্শোৱা জাননী জাৰি কৰা হয় ৷

৫ দিনৰ ভিতৰত লিখিত উত্তৰ দিয়াৰ নিৰ্দেশ দিয়া হয় বিধায়ক লস্কৰক ৷ এনেক্ষেত্ৰত কাৰণ দৰ্শোৱা জাননী লাভ কৰাৰ পিছত বিধায়ক লস্কৰৰ কি উত্তৰ দিয়ে সেয়া হ’ব লক্ষণীয় ৷

Exit mobile version