Tejas jet Crashes:
ভাৰতীয় বায়ুসেনাবাহিনীৰ দেশীয়ভাৱে নির্মিত অন্যতম যুঁজাৰু বিমান বুলি প্ৰচাৰিত তেজছ ভূপতিত হ’ল ডুবাইত। বিশ্বৰ বৃহত্তম বাণিজ্যিক ‘এয়াৰ শ্ব’ অর্থাৎ যুঁজাৰু বিমানৰ বৃহৎ প্ৰদৰ্শনীত উৰি থকাৰ সময়তে আকাশতে তেজছখন ভাঙি পৰি পাইলটজন নিহত হয়।
ভাৰতীয় বায়ুসেনাই এই দুর্ঘটনা সন্দর্ভত এক বিবৃতিত কয়, ‘ডুবাই এয়াৰ শ্ব’ত কালি আকাশমাৰ্গত কুচকাৱাজ প্রদর্শন কৰি থকাৰ সময়তে ভাৰতীয় বায়ুসেনাবাহিনীৰ যুঁজাৰু বিমান তেজছ দুর্ঘটনাগ্রস্ত হয়। এই দুর্ঘটনাত নিহত হয় পাইলট। ভাৰতীয় বায়ুসেনাবাহিনীয়ে এই মৃত্যুৰ ঘটনাত গভীৰভাৱে অনুতপ্ত আৰু পৰিয়ালৰ গভীৰ শোকৰ সময়ত সমবেদনা জ্ঞাপন কৰে। এই দুর্ঘটনাৰ কাৰণ নিৰ্ণয় কৰিবলৈ তদন্ত আদালত গঠন কৰা হৈছে।’
দুৰ্ঘটনাৰ কাৰণৰ পুংখানুপুংখ তদন্ত কৰাৰ বিষয়ে বিবৃতিত কোৱা হয়। ডুবাইৰ অল মক’টোমত বিশ্বৰ বৃহত্তম এই বাণিজ্যিক প্রদর্শনী উপভোগ কৰি থকা জনতাৰ সন্মুখত উৰণ দক্ষতা প্ৰদৰ্শন কৰি থাকোতেই এই শোকাৱহ ঘটনা ঘটে।
‘হিন্দুস্তান এৰ’ন’টিক্স লিমিটেড’ (হল) ৰ দ্বাৰা নিৰ্মিত তেজছ সম্প্রতি ভাৰতীয় বায়ুসেনাৰ অন্যতম গুৰুত্বপূৰ্ণ যুঁজাৰু বিমান। স্থানীয় সময় অনুসৰি, দিনৰ প্ৰায় ২-১০ বজাত এই দুর্ঘটনা সংঘটিত হয় বুলি প্রত্যক্ষদর্শীয়ে জনায়। ডুবাই চৰকাৰে জনোৱা মতে, ততালিকে জৰুৰীকালীন টীম আৰু অগ্নিনির্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হয়।
সূত্রত প্রকাশ যে পাইলটজনে ‘নিগেটিভজি-ফ’ৰ্চ টার্ণ’ৰ কৱলৰ পৰা নিজকে ৰক্ষা কৰিবলৈ সক্ষম নহ’ল। প্রকাশিত ভিডিঅ’ত দেখা গৈছে যে বিমানখনে কোনো ধৰণৰ পাকঘূৰণি নোখোৱাকৈ হঠাতে তললৈ নামি নামি মাটিত বাগৰি পৰে। ৰাষ্ট্ৰীয়কৃত সংস্থা হলৰ দ্বাৰা নির্মিত তেজছ ভাৰতীয় বায়ুসেনাৰ অন্যতম গুৰুত্বপূৰ্ণ যুঁজাৰু বিমান। তেজছ এখন একক ইঞ্জিনযুক্ত বহু কার্যক্ষম ক্ষমতা সম্পন্ন দেশীয় প্রযুক্তিৰে নিৰ্মিত যুঁজাৰু বিমান।
ইয়াৰ আধুনিকতম সংস্কৰণ ‘তেজছ মার্ক-১ এ’ নাছিকত হলৰ কাৰখানাত নিৰ্মাণ কৰি থকা হৈছে। এই বিমানখন আকাশৰ পৰা আকাশৰ পৰা ভূমি দুই ক্ষেত্রতে আক্ৰমণ কৰাৰ বাবে দক্ষ। আজি কিহৰ বাবে বিমানখন ভাঙি পৰিল সেয়া স্পষ্ট নহয়। ভিডিঅ’ত দেখা গৈছে যে হঠাতে তললৈ নামি আহি মাটিত বাগৰি পৰে এই যুঁজাৰু বিমান আৰু লগে লগে ইয়াত অগ্নি সংযোগ হয়। ক’লা ধোঁৱাৰে সমগ্র অঞ্চল ঢাক খায়।
দুবছৰৰ ভিতৰতে দুবাৰকৈ তেজছ ভূপতিত হ’ল। ২০২৪ৰ মাৰ্চত ৰাজস্থানৰ জয়ছালমেৰৰ এখন তেজছ দুর্ঘটনাগ্রস্ত হৈ একেদৰে ভাঙি পৰিছিল। অৱশ্যে সেইবাৰ পাইলটে দুর্ঘটনাৰ পূৰ্বেই বিমানৰ পৰা বাহিৰলৈ ওলাবলৈ সক্ষম হৈছিল। ডুবাইত বিশ্বৰ বৃহত্তম বাণিজ্যিক এয়াৰ শ্ব’সমূহৰ ভিতৰত অন্যতম প্রদর্শনীত দেশ-বিদেশৰ বিভিন্ন সংস্থাই অংশগ্ৰহণ কৰে।
ইয়াত কোটি কোটি ডলাৰৰ ব্যৱসায় সম্পন্ন হয়। তেজছক আন্তর্জাতিক বজাৰত দৃষ্টি আকৰ্ষণৰ বাবেই প্রদর্শনীলৈ অনা হৈছিল যদিও দুৰ্ঘটনাৰ পাছত এই লক্ষ্য কিছু হ’লেও ক্ষতিৰ সন্মুখীন হোৱা বুলি চর্চা হৈছে। বিদেশী যোগানৰ ওপৰত নিৰ্ভৰশীলতা হ্রাস কৰিবলৈ দেশীয়ভাৱে নির্মিত আধুনিক যুঁজাৰু বিমানৰ অন্যতম তেজছৰ আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত এইদৰে বাগৰি পৰাটোৱে ইয়াৰ ভাবমূর্তিতো কিছু হ’লেও আঘাত হানিব বুলি ধাৰণা কৰা হৈছে।
