Guwahati :মহানগৰীৰ ৱালফ’ৰ্ডত যুৱ সাংবাদিকৰ চৰমপন্থা

সংবাদ মাধ্যমৰ কাৰ্যালয়ৰ ভিতৰতে সাংবাদিকৰ চৰমপন্থা, খ্ৰীষ্ট্ৰানবস্তিৰ পূৰ্বোদয় ভৱনত সংঘটিতএই চাঞ্চল্যক ঘটনাৰ

suicide

Guwahati :

মহানগৰীত খ্ৰীষ্ট্ৰানবস্তিৰ পূৰ্বোদয় ভৱনত পুৱাতে সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা ৷ সংবাদ মাধ্যমটোৰ কাৰ্যালয়ৰ ভিতৰতে চৰমপন্থা যুৱ সাংবাদিকৰ  ৷ প’ৰ্টেলটোত কৰ্মৰত আছিল যুৱতী গৰাকী ৷ কাৰ্যালয়ৰ ভিতৰতে ডিঙিত চীপ লোৱা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো।

জানিব পৰা মতে ৫ ডিচেম্বৰত বিবাহৰ দিন ঠিক হৈ আছিল যুৱতী গৰাকীৰ ৷ বৰ্তমানো কাৰ্যালয়ৰ ভিতৰতে আছে চৰমপন্থা লোৱা যুৱতী গৰাকীৰ মৃতদেহ ৷ কি কাৰণে যুৱতী গৰাকীয়ে এনেপন্থা গ্ৰহণ কৰিলে তাকে লৈ এতিয়াও চাঞ্চল্য অব্যাহত আছে ৷

উল্লেখ্য যে,দেওবাৰে দিনতো কাৰ্যালয়ত কৰ্মৰত আছিল যুৱতীগৰাকী | নিশাৰ ভাগত পুনৰ কাৰ্যালয়লৈ আহি চৰমপন্থা গ্ৰহন কৰাৰ সন্দেহ যুৱতী গৰাকীৰ | আজি পুৱাতে পোহৰলৈ আহে ঘটনা। কাৰ্যালয়ৰ দুৱাৰ খুলি এই দৃশ্য প্ৰত্যক্ষ কৰি হুৱাদুৱা লগাই চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে। ইতিমধ্যে কাৰ্যালয় আন আন কৰ্মচাৰী সহ আৰক্ষী উপস্থিত হৈ । আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত।

Exit mobile version