Lachit Divas:
আজি ৪০৩ সংখ্যক বীৰ লাচিত দিৱস ৷ ইতিমধ্যে বিভিন্ন দল- সংগঠনে ৰাজ্যজুৰি আয়োজন কৰিছে এই দিৱস ৷
যোৰহাটৰ হোলোঙাপাৰস্থিত লাচিত মৈদামত ৪০৩ সংখ্যক লাচিত দিৱসটি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু যোৰহাট জিলা প্ৰশাসনৰ সহযোগত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় ৷
কাৰ্যসূচী অনুসৰি পুৱাতে লাচিত মৈদামস্থলিত অসম আৰক্ষীয়ে বিশেষ গাৰ্ড অৱ অনাৰ প্ৰদৰ্শন কৰাৰ পিছত মৈদাম আহোম ৰীতিনীতি অনুসৰি পূজা- অৰ্চনা কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ লয় সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই ৷ উপস্থিত থাকে মৰিয়নি বিধায়ক ৰূপজ্যোতি কুৰ্মী,যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী আৰু টিয়কৰ বিধায়িকা ৰেনু প্ৰভা ৰাজখোৱা সহ যোৰহাটৰ আয়ুক্ত ৷
আনহাতে গুৱাহাটী মহানগৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ লাচিতঘাটতো লাচিত সেনাৰ উদ্যোগত আয়োজন কৰা হয় লাচিত দিৱস ৷





































