Large dams:বৃহৎ নদীবান্ধে সলাব ছিয়াঙৰ ৰূপৰেখা

RIVER

Large dams:

ব্ৰহ্মপুত্ৰৰ উৎসস্থলীত চীনে নিৰ্মাণ কৰি থকা বিশ্বৰে সৰ্ববৃহৎ বান্ধৰ সম্ভাব্য ক্ষতি বোধৰ উদ্দেশ্যে ভাৰত চৰকাৰে অৰুণাচল প্রদেশত ছিয়াং নৈত তিনিটা বৃহৎ জলবিদ্যুৎ প্রকল্প স্থাপন কৰিবলৈ লোৱাক লৈ চুবুৰীয়া ৰাজ্যখনত প্রতিবাদ গঢ় লৈ উঠিছে। এই তিনিটা বৃহৎ নদীবান্ধৰ জৰিয়তে ভাৰত চৰকাৰে অকল্পনীয় পৰিমাণ (১২,৫০০ মেগাৱাট) ৰ জলবিদ্যুৎ উৎপাদনৰ লক্ষ্য লৈছে। ইয়াকে লৈ উদ্বিগ্ন হৈ উঠিছে স্থানীয় প্রকৃতিপ্রেমীৰ লগতে সাধাৰণ বাসিন্দাসকল।

এইসকলে আশংকা কৰা অনুসৰি এই তিনিটা বান্ধৰ নিৰ্মাণ সম্পূর্ণ হৈ উঠিলে পাহাৰীয়া ৰাজ্যখনৰ ছিয়াং জিলাৰ ৰূপৰেখাই সলনি হোৱাৰ আশংকা আছে।আনকি বান্ধকেইটাৰ ধ্বংসাত্মক প্রভাব পাহাৰৰ নামনিত অৱস্থিত ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, মাজুলী আৰু যোৰহাট জিলাত পৰাৰো আশংকা প্রবল হৈছে। অৰুণাচল প্ৰদেশৰ ৰাইজে অভিযোগ কৰা অনুসৰি কেন্দ্রই একপক্ষীয় সিদ্ধান্তৰে ছিয়াং নৈত তিনিটাকৈ বৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম আগবঢ়াইছে।

উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ অৰুণাচল প্ৰদেশৰ অংশক ছিয়াং বুলি জনা যায়। কেন্দ্র আৰু ৰাজ্যত একে দলৰ নেতৃত্বত চৰকাৰ থকাৰ পাছতো বান্ধ নিৰ্মাণৰ সম্পৰ্কত পাহাৰীয়া লোকসকলৰ মতামত নোলোৱাক লৈয়ো স্থানীয় বাইজে ক্ষোভ প্রকাশ কৰিছে। অভিযোগ অনুসৰি জলবোমা সদৃশ এই বৃহৎ নদীবান্ধকেইটা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী চৰকাৰে বলপূর্বকভাবে নির্মাণৰ পৰিকল্পনা কৰিছে। এই উদ্দেশ্যে সা-সৰঞ্জাম ছিয়াং জিলালৈ অনাৰ ব্যৱস্থা কৰিছে চৰকাৰে।

কেন্দ্ৰৰ অবিবেচক কাৰ্যৰ বিৰুদ্ধে সৰৱ হৈ উঠি কিছুদিন পূর্বে আপাৰ ছিয়াঙত স্থানীয় ৰাইজে তীব্র প্রতিবাদ সাব্যস্ত কৰে। আনকি উত্তেজিত জনতাই অৰুণাচল প্ৰদেশৰ মন্ত্রী উজিং তাছিওকো পহুখেদা দিয়ে। এনেদৰে পৰিস্থিতি উত্তপ্ত হোৱাত নদীবান্ধ নির্মাণস্থলীত চৰকাৰে অর্ধ-সামৰিক বাহিনী নিয়োগ কৰে। কটকটীয়া নিৰাপত্তাৰ মাজেৰে নদীবান্ধস্থলীলৈ সা-সৰঞ্জামৰ সৰবৰাহ অব্যাহত আছে।

#ডেৰশ মিটাৰ উচ্চতালৈ পানী উঠাৰ আশংকা

এই প্রতিবেদকৰ আগত ছিয়াঙৰ ৰাইজে আশংকা কবে যে ছিয়াং নৈত এই বৃহৎ তিনিটা বান্ধ নির্মাণ হ’লে য়িংকিং নগৰত ডেৰশ মিটাৰ পর্যন্ত উচ্চতালৈ পানী উঠিব। কেবল সেয়াই নহয়, জলবোমা সদৃশ এই বান্ধে অঞ্চলটোৰ ৰাইজৰ জীবন জীবিকা তথা জীব বৈচিত্র্য সম্পূর্ণরূপে ধ্বংস কৰাৰো আশংকা কৰিছে স্থানীয় ৰাইজে। এই নদীবান্ধ নির্মাণ সম্পূর্ণ হ’লে বেগিং, পাৰংবস্তি, সীটাংবস্তি, বিগা, পনাকাং, জৰকাং, কুমক’ গাঁও, জেগিঙৰ অতিৰিক্ত উপ-আয়ুক্তৰ মুখ্য কার্যালয় অঞ্চল, কার্কোগাঁও, গোছাংগাঁও, বামছিংগাঁও, ময়িং, বোমড, জনবও, পুগিং, লিকৰ, গেট্টে, য়িংকিয়ং, ছিমং, সাৰেং, কমকাৰ, গেকো, কুমকু, চুমচিং আদি গাঁৱৰ ডেৰ লক্ষাধিক লোকৰ জীৱন বিপদাপন্ন হোৱাৰ আশংকা ঘনীভূত হৈছে। এই আসন্ন বিপদ সম্পর্কত পাৰং বস্তিৰ সভাপতি টাকা পাবিং, ছিয়াং জিলাৰ নদীবান্ধ বিৰোধী মঞ্চৰ টাবেং ছিৰামে ক্ষোভপ্রকাশ কৰি কয় যে এই অঞ্চলসমূহত বাস কৰা আদি, মেম্বা, খাম্বা এবং, ইডু, মিচিমি আদি জনগোষ্ঠী ভীষণভাবে ক্ষতিগ্রস্ত হ’ব। ইয়াৰ সমান্তৰালভাৱে জৈৱ বৈচিত্র্য, কৃষিপথাৰ আদিও ধ্বংস হ’ব বুলি এইসকলে আশংকা কৰে। স্থানীয় ৰাইজে লগতে আশংকা কৰা অনুসৰি এই নদীবান্ধ সম্পূর্ণ হৈ উঠিলে অৰুণাচল প্ৰদেশৰ পাহাৰৰ ভূমিকম্প প্রতিৰোধ ক্ষমতা সম্পূর্ণরূপে নিঃশেষ হ’ব। বন্যপ্রাণীসমূহৰ বাসস্থান ধ্বংস হ’ব।

# এক লাখ গছ কটাৰ পৰিকল্পনা

নদীবান্ধ নিৰ্মাণৰ নামত মোদী চৰকাৰ উত্তৰ-পূবৰ জৈৱ বৈচিত্র্য ধ্বংস অভিযানত নমাৰ অভিযোগ উত্থাপন হৈছে। ছিয়াঙত নিৰ্মাণ কৰিবলৈ লোৱা এই তিনি বান্ধৰ বাবে চৰকাৰে ছিয়াত্তৰ এক লাখৰো অধিক গছ কটাৰ পৰিকল্পনা কৰা বুলি স্থানীয় লোকে সদৰী কৰিছে। স্থানীয় লোকে অভিযোগ কৰা অনুসৰি স্থানীয় লোকৰ কোনো মতামত নোলোৱাকৈয়ে মোদী চৰকাৰে জলবোমা সদৃশ এই নদীবান্ধকেইটা নিৰ্মাণৰ চূড়ান্ত কৰিলে। চীনৰ বান্ধক প্রতিহত কৰাৰ নামত পাহাৰীয়া ৰাজ্যখনৰ লাখ লাখ লোকক পণবন্দী কৰা কাৰ্যক লৈ প্রতিক্রিয়া অব্যাহত আছে। উল্লেখ্য যে ২০২৪ৰ ২৫ ডিচেম্বৰত চীন চৰকাৰে ব্ৰহ্মপুত্ৰৰ উৎসস্থলৰ ওচৰত ছাংপো নৈত বিশ্বৰে সৰ্ববৃহৎ নদীবান্ধ নির্মাণৰ অনুমতি জনায়। সম্প্রতি নির্মাণ কার্য চলি থকা এই বান্ধৰ পৰা চীন চৰকাৰে বছৰি ৬০ হেজাৰ মেগাৱাট জলবিদ্যুৎ উৎপাদনৰ লক্ষ্য লৈছে। এই বান্ধ নির্মাণ কাৰ্যক ভাৰতৰ বিৰুদ্ধে জলযুদ্ধ বুলি একাংশই অভিহিত কৰিছে।

অৱশ্যে চীনৰ একাংশ পণ্ডিতে এনে আশংকা অমূলক আখ্যা দিছে। চীনা বিশেষজ্ঞ জিয়াং আৰু তেওঁৰ সহযোগীসকলৰ মতে ছাংপোত বছৰি প্রায় ৩১ বিলিয়ন ঘনমিটাৰ পানী প্রবাহিত হোৱাৰ বিপৰীতে বাংলাদেশৰ বাহাদুৰাবাদত ব্রহ্মপুত্রত বছৰি ৬০৬ বিলিয়ন ঘনমিটাৰ পানী প্রবাহিত হয়। অর্থাৎ তেওঁলোকে ক’ব খোজে যে ছাংপোরে ব্রহ্মপুত্রলৈ পাঁচ শতাংশ পানীহে অৰিহণা যোগায়। এনেদৰে চীনা বিশেষজ্ঞসকলে ভাৰতৰ আশংকাক অগ্রাহ্য কৰিছে। অর্থাৎ ছাংপো বান্ধৰ ফলত ব্ৰহ্মপুত্ৰ তৰাং নহয় বুলি চীনা বিশেষজ্ঞসকলে যুক্তি দিছে।

অৱশ্যে বিশেষজ্ঞসকলৰ মতে চীনৰ এই নদীবান্ধৰ ফলত ব্রহ্মপুত্র শুকাই গৈ অসমত মরুভূমি সদৃশ পৰিৱেশ সৃষ্টিব আশংকা আছে। তদুপৰি তিব্বতত সাধাৰণ ভূমিকম্পৰ জোঁকাৰণিতে জলবিদ্যুৎ প্রকল্প ভাঙি অসম আৰু অৰুণাচল প্রদেশত ব্যাপক ক্ষতি হ’ব পাৰে বুলি আশংকা কৰি অৰুণাচল প্ৰদেশৰ আপাৰ ছিয়াং আৰু ছিয়াং জিলাৰ ছিয়াং ইঞ্জিনীয়াছ ফ’ৰামৰ নেতৃত্বত কে’বাটাও ছাত্র সংগঠন প্রশাসন তথা চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে।

Exit mobile version