Veteran Actor Dharmendra Passes Away at 89:
বলীউডৰ হি-মেন আৰু ধৰম পাজী নামেৰে পৰিচিত বৰ্ষীয়ান অভিনেতা ধমেন্দ্ৰই আজি ৮৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। মুম্বাইস্থিত নিজৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে ধমেন্দ্ৰই । শ্বাস-প্ৰশ্বাসজনিত জটিলতাৰ বাবে চলিত মাহৰ আৰম্ভণিতে তেওঁক ব্ৰিচ কেণ্ডি চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল।
তেওঁৰ মহাপ্ৰয়াণৰ লগে লগে হিন্দী বোলছবি জগতৰ ছয় দশকৰোএটা যোগৰ অৱসান ঘটিল ৷ ধৰ্মেন্দ্ৰৰ মৃত্যুত সমগ্ৰ দেশতে শোকৰ ছাঁ পৰে ৷ খবৰ বিয়পি যোৱাৰ লগে লগে ছবি উদ্যোগটোৰ অনুৰাগী, সহকৰ্মী, তাৰকাসকল গভীৰভাৱে স্তম্ভিত হৈ পৰিছে।
১৯৬০ চনত হিন্দী বোলছবি জগতত আত্মপ্ৰকাশ কৰা ধৰ্মেন্দ্ৰই দ্ৰুতগতিত ছুপাৰষ্টাৰ হিচাপে পৰিগণিত হয়। তেওঁ বহুমুখী ক্ষমতাৰ বাবে পৰিচিত আছিল, ৰোমান্টিক নায়কৰ পৰা আৰম্ভ কৰি কঠিন একচন তাৰকালৈকে ভূমিকা আয়ত্ত কৰিছিল। তেওঁৰ কেৰিয়াৰত ৩০০ৰো অধিক ছবিত অভিনয় , যাৰ বহুকেইখনক আজি ক্লাছিক বুলি গণ্য কৰা হয়।
তেওঁৰ কিছুমান স্মৰণীয় অভিনয়ৰ ভিতৰত আছে কাল্ট ক্লাছিক শ্বোলেত বীৰুৰ আইকনিক চৰিত্ৰৰ লগতে ফুল ঔৰ পথথাৰ, সীতা ঔৰ গীতা, চুপকে চুপকে, ধৰ্ম বীৰ, আৰু প্ৰতিজ্ঞাত স্মৰণীয় অভিনয়। তেওঁৰ স্বাভাৱিক মনোমোহাতা আৰু শক্তিশালী পৰ্দাত উপস্থিতিয়ে তেওঁক বিশ্বজুৰি লাখ লাখ অনুৰাগী লাভ কৰিছিল।
১৯৯৭ চনত তেওঁ ফিল্মফেয়াৰ লাইফটাইম এচিভমেণ্ট বঁটা লাভ কৰিছিল, যিটো উদ্যোগটোলৈ তেওঁৰ ব্যাপক অৱদানৰ বাবে এক সন্মান আছিল। ২০১২ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মভূষণেৰে সম্বৰ্ধনা জনায়। ২০২৪ চনত শ্বাহিদ কাপুৰ আৰু কৃতি ছাননে মুখ্য চৰিত্ৰত অভিনয় কৰা টেৰী বাটন মেইন আইছা উলঝা জিয়া ছবিখনত তেওঁক শেষবাৰৰ বাবে দেখা গৈছিল। তেওঁ শ্বাহিদৰ দাদাৰ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ উপৰিও তেওঁ ব্লকবাষ্টাৰ ৰোমান্টিক-কমেডী ছবি ৰকি আৰু ৰাণী কি প্ৰেম কাহানীত অভিনয় কৰিছিল, যাৰ বাবে তেওঁ অনুৰাগী আৰু সমালোচকৰ পৰাও তেওঁৰ অভিনয়ৰ বাবে প্ৰশংসা লাভ কৰিছিল। তেওঁৰ শেষৰখন ছবি হ’ব ইক্কিছ, য’ত তেওঁ অভিনয় কৰিছে ।
ধৰ্মেন্দ্ৰই ইহসংসাৰত এৰি থৈ যায় পত্নী- অভিনেত্ৰী হেমা মালিনী, প্ৰথম পত্নী প্ৰকাশ কৌৰ, অভিনেতা ছানি দেওল আৰু ববি দেওল, কন্যা এছা দেউল আৰু আহনা দেওল সহ বোৱাৰী’নাতি – নাতিনীক ।




































