ক্রেডিট কার্ড ঋণ:আপোনাৰ যদি ক্রেডিট কার্ড আছে তেন্তে আপুনি ইয়াৰ বাবদ প্রয়োজনবশতঃ ঋণ ল’ব পাৰে। সাধাৰণতে ক্রেডিট কার্ড কোম্পানীসমূহে উপভোক্তাৰ পূৰ্বৰ টকা পৰিশোধৰ ইতিহাস বিচাৰ কৰিহে ঋণ আগবঢ়ায় আৰু ঋণৰ অংক নির্ধাৰণ কৰে। যোগ্য বিবেচিত হ’লে কোনো ধৰণৰ অতিৰিক্ত তথ্য পাতি জমা নিদিয়াকৈ মাত্র কেইটামান ঘণ্টাৰ ভিতৰতে এনে ঋণ লাভ কৰিব পাৰি। সেয়েহে কঠিন পৰিস্থিতিৰ স’তে মোকাবিলা কৰাত আর্থিকভাবে সহায় কৰা অন্যতম উপায় হিচাপে জনপ্রিয় হৈ উঠিছে আজিকালি এই ক্রেডিট কার্ড ঋণ। অবশ্যে এই ধৰণৰ ঋণত সুতৰ হাৰ বহুত বেছি হয়। এই হাৰ ৩৪-৪২ শতাংশ পর্যন্ত হ’ব পাৰে।
ব্যক্তিগত ঋণ:প্রাক অনুমোদিত সীমাৰ ভিতৰত কোনো বেংকৰ বিদ্যমান গ্রাহকে তাৎক্ষণিকভাবে এই ধৰণৰ ব্যক্তিগত ঋণ ল’ব পাৰে। আনহাতে, নতুন গ্রাহকসকলৰ ক্ষেত্ৰত যি সকলৰ কেৱাইচি ডিজিটেলযোগে সম্পন্ন হৈছে তেওঁলোকে একেদিনাই ঋণৰ অনুমোদন পাব পাৰে বেংকৰ পৰা। অৱশ্যে, যদি বেংকলৈ গৈ স্বাক্ষৰ দিয়াৰ প্রয়োজন হয় তেন্তে ঋণ পাবলৈ অলপ সময়ৰ প্রয়োজন হয়। সচৰাচৰ নৰ পৰা ২৬ শতাংশ হাবব সুতৰ বিনিময়ত গ্রাহকক এই ধৰণৰ ব্যক্তিগত ঋণ প্রদান করে বেংকসমূহে।
স্বর্ণ ঋণঃখুব কম সময়ৰ ভিতৰতে নগদ ধনৰ যোগাৰ কৰিবলৈ হ’লে সবাতোকৈ সহজ আৰু কার্যকৰী উপায়টো হ’ল স্বর্ণ ঋণ বা গ’ল্ড লোন। সাধাৰণতে দুবছৰৰ বাবে এই ঋণ দিয়াৰ ব্যৱস্থা আছে দেশব বিভিন্ন চৰকাৰী তথা বেচৰকাৰী বেংকসমূহত। অবশ্যে, প্রয়োজন অনুপাতে এই সময়সীমা বৃদ্ধি কৰিব পাৰে আপুনি। এই ধৰণৰ ঋণ পাবলৈ হ’লে আপুনি আপোনাৰ সাঁচতীয়া সোণৰ গহনা কেইপদ বেংকৰ হাতত জমা দিব লাগিব আৰু বেংকে তাৰ বিনিময়ত গহনাৰ মূল্যৰ ৯০ শতাংশ ঋণ হিচাপে আপোনাৰ হাতত তুলি দিব। মনকৰিবলগীয়া যে স্বর্ণ ঋণৰ সুতব হাৰ ব্যক্তিগত ঋণৰ তুলনাত বহুখিনি কম। মাত্র সাতৰ পৰা ১২ শতাংশ সুতৰ হাৰতে এই ঋণ পাব আপুনি।
পিএফ ঋণঃবেতনভোগী কর্মচাৰীসকলে কৰ’না চিকিৎসাৰ খৰচৰ বাবে নিজৰ পিএফ একাউন্টত জমা থকা সমস্ত ধনৰাশি আগতীয়াকৈ উলিয়াব বা তাৰ পৰা প্রয়োজন অনুপাতে ঋণ ল’ব পাৰে।
ইপিএফঅ’ৰ দ্বাৰা নিৰ্ধাৰিত নিয়ম অনুযায়ী, কৰ’না চিকিৎসাৰ বাবে যিয়ে এনেদৰে ধন উলিয়াব বিচাৰে তেঁওলোকে ইয়াৰ বাবে মেডিকেল ইমার্জেন্সিৰ কাৰণ দর্শাই আবেদন জনাব লাগিব। উপভোক্তাৰ লগতে স্ত্রী-স্বামী, পিতৃ-মাতৃ অথবা সন্তানৰ কোনো যদি ক’ভিডত অসুস্থ হৈ পৰে তেনে পৰিস্থিতিতো এই সুবিধা পাব পাৰে। কৰ’না চিকিৎসাৰ বাবে কোনো এজন কৰ্মচাৰীয়ে নিজৰ মাহিলি বেতনৰ সর্বাধিক ছয় গুণ পর্যন্ত টকা উলিয়াব পাৰে। নতুবা পিএফ একাউন্টটোত থকা কৰ্মচাৰীজনৰ নিজা শ্বেয়াৰ আৰু তাৰ লগতে ন্যূনতম পৰিমাণৰ সুতৰ অংশটো আগতীয়াকৈ উলিয়াব পাৰে।
আটাইতকৈ ডাঙৰ সুবিধাটো হ’ল, এই ধৰণে ইপিএফ একাউন্টৰ পৰা অগ্রিম টকা উলিওৱাৰ ক্ষেত্ৰত কোনো লক-ইন পিৰিয়ড বা ন্যূনতম ছাৰ্ভিচ পিৰিয়ডৰ যোগ্যতা থকাৰো প্ৰয়োজন নাই ।উল্লেখ্য যে এইবোৰৰ বাদেও বীমা পলিচী, মিউচুৱেল ফাণ্ড, ডিমেট শ্বেয়াৰ, ফিক্সড্ ডিপ’জিট আদি দেখুৱায়ো আজিকালি ঋণ ল’ব পৰাৰ ব্যৱস্থা আছে। অনলাইনযোগে মিউচুৱেল ফাণ্ডত বিনিয়োগৰ প্রতিশ্রুতি দি একাউন্টত এক নির্দিষ্ট অভাৰড্ৰাফফ্টৰ সীমা নির্ধাৰণ কৰিও তাৎক্ষণিক ঋণ লাভৰ সুবিধা পাব পৰা যায়।
বর্তমান বিভিন্ন সংস্থাত চলি থকা নিয়ম অনুসৰি জৰুৰীকালীনভাবে বীমা পলিচীৰ মূল্যৰ ৬০ ৰ পৰা ৯০ শতাংশ, ফিক্সড ডিপ ‘জিটৰ মূল্যৰ ৮০ ৰ পৰা ৯৫ শতাংশ আৰু মিউচুৱেল ফাণ্ডৰ মূল্যৰ ৫০ ৰ পৰা ৭০ শতাংশ পর্যন্ত ঋণ হিচাপে ল’ব পাবে গ্রাহকে।
