Maoist:✒️মাওবাদী নেতৃত্বই মাওবাদীক আত্মসমৰ্পণৰ সুযোগ দিয়াৰ বাবে প্ৰভাৱিত ৰাজ্য তিনিখনৰ মুখ্যমন্ত্ৰীসকলক আপাততঃ তেওঁলোকৰ বিৰুদ্ধে অভিযান স্থগিত ৰাখিবলৈ অনুৰোধ জনাইছে।অহা ১৫ ফেব্ৰুৱাৰীলৈকে মাওবাদীৰ বিৰুদ্ধে তেওঁলোকে নিৰাপত্তা বাহিনীৰ অভিযান বন্ধ কৰিবলৈ আবেদন জনাইছে।
কেন্দ্ৰীয় চৰকাৰে অহা বছৰৰ ৩১ মাৰ্চৰ ভিতৰত দেশৰ পৰা মাওবাদ নিৰ্মূল কৰাৰ দিশত আগবাঢ়িছে।
বিগত কেইমাহমানৰ পৰা মাওবাদী প্ৰভাৱিত অঞ্চলসমূহত আত্মসমৰ্পণৰ হাৰ বৃদ্ধি পোৱাৰ লগতে অব্যাহত আছে যৌথ অভিযান।
বিগত সপ্তাহত অন্ধ্ৰ প্ৰদেশত নিৰাপত্তা বাহিনীৰ স’তে হোৱা মুখামুখি সংঘৰ্ষত মাওবাদীৰ এগৰাকী শীৰ্ষ নেতা মাদৱী হিদমা নিহত হোৱাৰ মাত্ৰ কেইদিনমানৰ পাছতে মাওবাদী নেতৃত্বৰ এই অনুৰোধ তাৎপৰ্যপূৰ্ণ ।
হিদমা নিহত হোৱা ঠিক তিনিদিনৰ পাছতে বিগত ২২ নৱেম্বৰত মাওবাদীৰ মহাৰাষ্ট্ৰ-মধ্যপ্ৰদেশ-ছত্তীশগড় বিশেষ খণ্ড সমিতিৰ নেতৃত্বই এই পত্ৰ লিখিছিল।সোমবাৰে ৰাজহুৱা কৰা হয় এই পত্ৰ।
ইয়াত স্বাক্ষৰ কৰিছে বিশেষ খণ্ড সমিতিৰ মুখপাত্ৰ অনন্তই। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছ, ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও সাই আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱলৈ তেওঁলোকৰ আবেদন,এই তিনিখন ৰাজ্যৰ মাওবাদীৰ বিৰুদ্ধে অভিযান আপাততঃ বন্ধ কৰি দিবলৈ অনুৰোধ জনাইছে যাতে আত্মসমৰ্পণ প্ৰক্ৰিয়াটো সহজ হৈ পৰে। ‘সশস্ত্ৰ সংগ্ৰাম’ সাময়িকভাৱে স্থগিত ৰখাৰ বাবে তেঁওলোকে অনুৰোধ জনাইছে।
উল্লেখ্য যে, সাম্প্রতিক সময়ত মাওবাদীৰ কেবাজনো শীৰ্ষ নেতাই আত্মসমৰ্পণ কৰিছে। যোৱা মাহৰ শেষৰ ফালে হায়দৰাবাদত মাওবাদী কেন্দ্ৰীয় সমিতিৰ সদস্য পুল্লুৰি প্ৰসাদ ৰাৱে আত্মসমৰ্পণ কৰিছিল।
পত্ৰখনত অনন্তই লিখিছে, ‘এম এম চি (মহাৰাষ্ট্ৰ-মধ্যপ্ৰদেশ-চত্তীশগড় বিশেষ খণ্ড সমিতি)ৰ সদস্যসকলে নিজৰ অস্ত্ৰ-শস্ত্ৰ আত্মসমৰ্পণ কৰি চৰকাৰী পুনৰ্বাসন প্ৰক্ৰিয়াত যোগদান কৰিব বিচাৰে।অৱশ্যে আমি তিনিখন ৰাজ্য চৰকাৰক অনুৰোধ জনাইছো যে আমাক কিছু সময় দিয়ক।’






























