Majibur Rahman:
ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ পাঁচটা মাহ থকা অৱস্থাত কংগ্ৰেছে দিছপুৰৰ মছনদৰ পৰা বিজেপিক উৎখাত কৰিবৰ বাবে এজেপি- ৰাইজৰ দল সহ সাতটা বিৰোধী দলৰ স’তে মিত্ৰতাপাশত আবদ্ধ হোৱাৰ সন্দৰ্ভত মঙলবাৰে এআইইউডিএফৰ বিধায়ক মজিবুৰ ৰহমানে গৌৰৱ গগৈক উদ্দেশ্য কৰি তীব্ৰ কটাক্ষ কৰে ৷
বিধায়ক গৰাকীয়ে কয়,অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈক লৈ বিপদত পৰিব গৌৰৱ গগৈ’। তিনি গগৈৰ ভিতৰত দুই গগৈয়ে ৰাতি হ’লে হিমন্ত বিশ্ব শৰ্মাৰ লগত কথা পাতি থাকে। গতিকে তেখেত অকলশৰীয়া হৈ যাব ৷
