Manoranjan Talukdar:
বিধায়ক মনোৰঞ্জন তালুকদাৰে ধনদাবী কৰাৰ অডিঅ’ বাৰ্তাক লৈ আজি সেই ভইচ তেওঁ নহয় বুলি পুনৰ দোহাৰিলে ৷ আজি অসম বিধানসভাৰ শীতকালীন অধিৱেশনত অংশ ল’বলৈ অহাৰ পথত সাংবাদিক এই সন্দৰ্ভত তেওঁৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত বিধায়ক গৰাকীয়ে কয়,মই ৯ মাহে কৈ আছো এয়া মোৰ ভইচ নহয় | আনকি মোৰ ভইচ হয়নে নহয় ইয়াৰ বাবে ইতিমধ্যে ফৰেনছিকলৈ পঠিওৱা হৈছে ৰিপৰ্ট আহিলে সকলো স্পষ্ট হ’ব ৷ এইক্ষেত্ৰত আন বহু পৰীক্ষা আছে। তাৰ পিছতে হ’ব পাৰে ব্যৱস্থা ৷ মই ‘তদন্তৰ বাবে সাজু আছোঁ ৷ আগন্তুক নিৰ্বাচন আহি আছে বাবে এটা মহলে এইবোৰ কথা উলিয়াই আছে ৷
ADVERTISEMENT




































