Zubeen khetra:মাজনিশা জুবিনক্ষেত্ৰত উপস্থিত ১২ বহি:ৰাষ্ট্ৰৰ প্ৰতিনিধি

শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি আগবঢ়াই সমস্বৰে গালে 'মায়াবিনী', আন্তঃৰাষ্ট্ৰীয় সাহিত্য সম্মিলনত অংশগ্ৰহণৰ বাবে অসমলৈ আহিছে বহি:ৰাষ্ট্ৰৰ প্ৰতিনিধি দলটো

z1 1

Zubeen khetra:

সোনাপুৰৰ জুবিনক্ষেত্ৰত মাজনিশা হঠাতে উপস্থিত হয় ১২ দেশৰ এটা প্ৰতিনিধি দল ৷ প্ৰতিনিধি দলৰ সদস্য সকলে হিয়াৰ আমঠু শিল্পী গৰাকীলৈ আগবঢ়ালে শ্ৰদ্ধাঞ্জলি ৷ ইয়াৰ পিছত সমস্বৰে গালে জুবিনৰ কালজয়ী গীত ‘মায়াবিনী’।

উল্লেখ্য যে এটি সংস্থাই আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় সাহিত্য সম্মিলনত অংশগ্ৰহণৰ বাবে অসমলৈ আহিছে বহি:ৰাষ্ট্ৰৰ দলটো। দলটোত আছে ভাৰতৰ সহ ফিলিপাইনছ, স্পেইন, গ্রীচ, ইজিপ্ত, ভিয়েটনাম, টুনীচিয়া, ইৰাক, ৰোমানিয়া , অষ্ট্ৰেলিয়া,নেদাৰলেণ্ড আৰু বাংলাদেশৰ প্ৰতিনিধি I

Exit mobile version