মণিপুৰত উদ্ধাৰ দীৰ্ঘ দূৰত্বৰ দেশীয় ৰকেট, ৪০ কেজি বিস্ফোৰক, আৰু বৃহৎ পৰিমাণৰ আগ্নেয়াস্ত্ৰ!

1764149060 manipur

৪০ কেজি বিস্ফোৰক-সহ বৃহৎ পৰিমাণৰ আগ্নেয়াস্ত্ৰ উদ্ধাৰ হ’ল মণিপুৰত ! মঙলবাৰে গভীৰ নিশা মণিপুৰৰ ম্যানমাৰৰ সীমান্তৱৰ্তী চুৰাচান্দপুৰ জিলাত উদ্ধাৰ অভিযান উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ আগ্নেয়াস্ত্ৰ।

কাংপোকপি জিলাতো চলোৱা হয় এই অভিযান।মণিপুৰ আৰক্ষীয়ে মঙলবাৰে নিশা এক বিবৃতিযোগে প্ৰকাশ কৰে এই কথা ।

আৰক্ষীৰ সূত্ৰ অনুসৰি চুৰাচান্দপুৰৰ গেলমাল গাঁৱৰ পৰা উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰৰ ভিতৰত আছে প্ৰায় ৪০ কেজি বিস্ফোৰক থকা এটা দীৰ্ঘ দূৰত্বৰ ৰকেট, বহু বেটাৰী, আৰু বিস্ফোৰক মিহলোৱাৰ বাবে পাঁচটা বালিৰ মোনা।মঙলবাৰে নিশা ছ’চিয়েল মিডিয়াত মণিপুৰ আৰক্ষীয়ে জব্দ কৰা সকলো অস্ত্ৰ-শস্ত্ৰৰ ছবি প্ৰকাশ কৰে।

কেৱল চুৰাচান্দপুৰৰ পৰাই নহয়, কাংপোকপি জিলাৰ গোলবাৰেং বনাঞ্চলৰ পৰাও বৃহৎ পৰিমাণৰ আগ্নেয়াস্ত্ৰ আৰু গুলী উদ্ধাৰ হোৱাৰ তথ্য পোৱা গৈছে।

কাংপকপিৰ পৰা জব্দ কৰা অস্ত্ৰ-শস্ত্ৰসমূহৰ ভিতৰত আছে এটা চিএমজি কাৰবাইন আৰু মেগজিন, এটা ০.৩০৩ ৰাইফল, দুটা পিষ্টল, নটা খিলঞ্জীয়া বল্ট একচন চিংগল বেৰেল ৰাইফল, ৪৬ জাঁই বিভিন্ন কেলিবাৰৰ সতেজ গুলী, ৮০টা খালী কেচ,দেশত নিৰ্মিত গ্ৰেনেড, ছেফটি ফিউজ আৰু ডিটনেটৰ।

মঙলবাৰে আন এক অভিযানত কাংপকপি জিলাৰ কাংচুপ থানাৰ অন্তৰ্গত ছংলুং গাঁৱৰ পৰাও নিৰাপত্তা বাহিনীয়ে বহু অস্ত্ৰ উদ্ধাৰ কৰে।

Exit mobile version