Uttar Pradesh:✒️আনন্দৰ এটা মুহূৰ্ত নিমিষতে পৰিণত হ’ল বিষাদলৈ ! বিয়া ঘৰৰ পৰা উভতি অহাৰ সময়ত খালত বাগৰি পৰিল এখন যাত্ৰীবাহী গাড়ী । ঘটনাটোত মৃত্যু পাঁচজন লোকৰ মৃত্যু। উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত মঙলবাৰে নিশা সংঘটিত হয় এই কৰুণ ঘটনা।
দুৰ্ঘটনাৰ আঁৰৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি গাড়ীখনত মুঠ সাত জন যাত্ৰী আছিল। আটাইকেইজনেই উত্তৰ প্ৰদেশৰ বাহৰেইচৰ বাসিন্দা। সেই নিশা তেওঁলোক বিয়াৰ পৰা উভতি আহিছিল ।
ঢেখেৰৱা-গিৰ্জাপুৰী ঘাইপথত উপস্থিত হোৱাৰ পাছতে গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই ওচৰৰ খাল এটাত খুন্দা মাৰে। এটা প্ৰচণ্ড শব্দ শুনি স্থানীয় ৰাইজে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয়। কিন্তু তেতিয়ালৈকে গাড়ীখন প্ৰায় ডুব গৈছিল।
এই তথ্য লাভ কৰাৰ পাছতে আৰক্ষী আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয়। দীৰ্ঘসময়ৰ প্ৰচেষ্টাৰ অন্তত যাত্ৰীকেইজনক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে পাঁচজনক মৃত ঘোষণা কৰে।
বাকী দুজন সংকটজনক অৱস্থাত একেখন চিকিৎসালয়তে চিকিৎসাধীন হৈ আছে।
এজন আৰক্ষী বিষয়াই কয়, “গাড়ীখনে কিয় নিয়ন্ত্ৰণ হেৰুৱালে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। আমি ইতিমধ্যে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছো। এই ঘটনাত পাঁচজন লোকৰ মৃত্যু হৈছে।”






























