10 bills introduced in the Assembly:
আজি অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ দ্বিতীয় দিন ৷ প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হয় সদনৰ কামকাজ ৷ ইয়াৰ পিছতে শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগুৱে সদনত উত্থাপন কৰিলে ১০ খনকৈ বিধেয়ক । বিধেয়ক কেইখন হ’ল নেৰিম বিশ্ববিদ্যালয় বিধেয়ক, ২০২৫,আজিম প্রেমজী বিশ্ববিদ্যালয় বিধেয়ক, ২০২৫, মিছিং স্বায়ত্ব শাসিত (সংশোধনী) বিধেয়ক, ২০২৫,ৰাভা হাছং স্বায়ত্ব শাসিত (সংশোধনী) বিধেয়ক, ২০২৫,তিৱা স্বায়ত্ব শাসিত (সংশোধনী) বিধেয়ক, ২০২৫,দেউৰী স্বায়ত্ব শাসিত (সংশোধনী) বিধেয়ক, ২০২৫, সোণোৱাল কছাৰী স্বায়ত্ব শাসিত (সংশোধনী) বিধেয়ক, ২০২৫,ঠেঙাল কছাৰী স্বায়ত্ব শাসিত (সংশোধনী) বিধেয়ক, ২০২৫, বড়ো কছাৰী বেলফেয়াৰ স্বায়ত্ব শাসিত (সংশোধনী) বিধেয়ক, ২০২৫ আৰু বে-চৰকাৰী শিক্ষা প্রতিষ্ঠান (মাচুল নিয়ন্ত্রণ) সংশোধনী, বিধেয়ক, ২০২৫ ৷




































