Chandramohan Patwari:ড্ৰাগছ বিৰোধী অভিযান সন্দৰ্ভত সদনত চন্দ্রমোহন পাটোৱাৰীৰ তথ্য

২০২১ বৰ্ষৰ পৰা অক্টোবৰ মাহ পর্যন্ত ৰাজ্যত ১৪,২৩৯টা গোচৰ ৰুজু , গ্ৰেপ্তাৰ ২৩,২৭৫ জন

chandra

Chandramohan Patwari:

ৰাজ্যত অব্যাহত থকা ড্ৰাগছ বিৰোধী অভিযান সন্দৰ্ভত সদনত গৃহ বিভাগৰ হৈ সদনত এক তথ্য দাঙি ধৰে বনমন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে ৷ কে’বাজনো বিধায়কে সোধা প্ৰশ্নোত্তৰত মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে ২০২১ বৰ্ষৰ পৰা অক্টোবৰ মাহ পর্যন্ত ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযানত ৰজু হৈছে প্ৰায় ১৪,২৩৯ টা গোচৰ ।

আনহাতে ড্ৰাগছ সৰবৰাহৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে ২৩,২৭৫ জন সৰবৰাহকাৰী। আনহাতে পাঁচটাবৰ্ষত জব্দ কৰা হৈছে প্ৰায় ২,৮৮২.২২ কোটি টকা মূল্যৰ ড্ৰাগছ ৷ ইতিমধ্যে ধ্বংস কৰা হৈছে ৪৩৪.৫৬ কোটি টকা মূল্যৰ ড্ৰাগছ ৷

আনহাতে ড্ৰাগছ বিৰোধী অভিযানত গ্ৰেপ্তাৰ হোৱা সৰবৰাহকাৰীৰ পৰা জব্দ কৰা হয় ১৯.২৬ কোটি টকা মূল্যৰ সম্পত্তি ৷

Exit mobile version