Sasal protest:
মঙলবাৰৰ পৰা পাঁচদিনীয়াকৈ আৰম্ভ হোৱা অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ চলি থকাৰ মাজতে বিভিন্ন দল- সংগঠনে তেওঁলোকৰ বিভিন্ন দাবীত চচলত আজিও অব্যাহত ৰাখে প্ৰতিবাদী কাৰ্যসূচী।
আজি চচলত সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই কেতবোৰ দাবীৰ সমৰ্থনত ৰূপায়ণ কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী। উল্লেখ্য যে,১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ দাবী সমূহ হ’ল নতুন নিবিদা অতি খৰতকীয়াভাৱে সম্পন্ন কৰা I বর্তমান ১৩/১৪ হাজাৰ টকা মাননিৰে পৰিয়াল চলোৱাত অসম্ভৱ হৈ পৰিছে I এনেক্ষেত্ৰত অতি দক্ষ শ্রমিকৰ নিম্নতম মজুৰি বা Fair Wage প্ৰদানৰ দাবী I ১২ ঘণ্টা কর্মসময়ৰ সম্পূৰ্ণ অতিৰিক্ত মজুৰি প্ৰদান কৰা I
একেদৰে EMT/Pilot সকলক ৪ ঘণ্টাৰ আৰু ERO সকলক ১ ঘণ্টাৰ অতিৰিক্ত কামৰ মজুৰি পূৰ্ণভাৱে প্রদান নিশ্চিত কৰা I বছৰি বনাছ প্রদান ব্যৱস্থা কৰা I কৰ্মৰ সময়ত মৃত্যু বা দুর্ঘটনাৰ বাবে এককালীন ৪০ লাখ টকাৰ আর্থিক সাহাৰ্য আগবঢ়োৱা Iবর্তমান কর্মৰত সকলো কৰ্মচাৰীৰ চাকৰি নতুন নিবিদাত সুৰক্ষা নিশ্চিত কৰা I নতুন নিবিদাত বয়স ৬০ বছৰ নোহোৱা পৰ্যন্ত চাকৰি নিৰাপত্তা নিশ্চিত কৰাৰ লগতে নিবিদাত স্পষ্টভাৱে Fair Wage উল্লেখ নিশ্চিত কৰা আৰু শিক্ষা, চিকিৎসা আৰু গৃহ নিৰ্মাণৰ বাবে অত্যাৱশ্যকীয় ঋণৰ ব্যৱস্থা কৰিবলৈ সংগঠনটোৱে চৰকাৰলৈ আহ্বান জনাই।




































