Jal jeevan:✒️দেশৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে জলজীৱন আঁচনিৰ জৰিয়তে দেশৰ জনসাধাৰণক খোৱা পানীৰ অভাৱ পূৰণৰ যি অভিনৱ কার্য গ্রহণ কৰিছিল সেয়া যে মূলকত প্রহসনত পৰিণত হ’ল। তাৰ এক জ্বলন্ত উদাহৰণ মেৰাপানী পঞ্চৱতী গাঁৱত স্থাপন কৰা জলজীবন প্রকল্প। তথ্য মতে, যোৱা বৰ্ষত যোৰহাটৰ মঞ্জিত শইকীয়া নামৰ এজন নিবিদাকাৰীয়ে কোটি টকা ব্যয়ৰে পঞ্চৱতী গাঁৱত উক্ত জলজীৱন প্রকল্পটো স্থাপন কৰে আৰু স্থানীয় বিধায়িকা তথা অসম চৰকাৰৰ বিত্তমন্ত্রী অজন্তা নেওগে ৰাজহুৱাভাৱে আনুষ্ঠানিকতাৰে এই প্রকল্পটো উদ্বোধন কৰে।
পৰিতাপৰ বিষয় যে উদ্বোধন কৰা এসপ্তাহৰ পাছতেই এই জলজীৱন প্রকল্পটো বিকল হৈ পৰে। স্থানীয় ৰাইজৰ দাবীত ঠিকাদাৰ পক্ষই বিকল হোৱা প্রকল্পটো কিছু ভাল কৰি থৈ যায় যদিও এমাহৰ পাছত আকৌ বেয়া হৈ পৰে। অৱশেষত খোৱা পানীৰ অভাৱত ৰাইজে নিজে টকা-পইছা তুলি ভাল কৰি কিছুদিন আঁচনিখন চলাই আছিল যদিও শেহতীয়াকৈ একেবাৰে বিকল হৈ পৰে।
এতিয়া গাঁৱৰ প্রায় দুই শতাধিক পৰিয়ালে খোৱা পানীৰ অভাৱত ভূগিবলগীয়া হৈছে। এটুপি খোৱা পানীৰ বাবে গাঁওবাসীয়ে হাহাকাৰ কৰিবলগীয়া হৈছে। অভিযোগ মতে, ঠিকাদাৰ পক্ষই প্রকল্পটো নির্মাণ কার্যত অতি নিম্নমানৰ সামগ্ৰী, নিম্নমানৰ মটৰ আদি ব্যৱহাৰ কৰি আঁচনিৰ সিংহভাগ ধন আত্মসাৎ কৰিলে।
ঠিকাদাৰে সঠিকভাৱে যদি প্রকল্পটো নিৰ্মাণ কৰিলেহেঁতেন ইমান সহজে বিকল নহ’লহেঁতেন বুলি স্থানীয় বাইজে জানিবলৈ দিয়ে। এই বিকল প্রকল্পটো পুনৰ মেৰামতিৰ বাবে চৰকাৰ তথা বিভাগীয় কর্তৃপক্ষক স্থানীয় ৰাইজে বহুবাৰ অৱগত কৰিছে যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে।
সেয়েহে বিভাগীয় উর্ধতম কর্তৃপক্ষই অচিৰে ক্ষেত্রভিত্তিক তদন্ত কৰি জলজীবন প্রকল্পটো সঠিক ৰূপত ব্যৱহাৰ হোৱাকৈ লগতে গাঁওবাসীৰ খোৱা পানীৰ অভাৱ পূৰণৰ ব্যৱস্থা কৰিবলৈ বাইজে আহ্বান জনাইছে। অন্যথা মাধৱপুৰ আৰু পঞ্চৱতী গাঁৱৰ ৰাইজে অভিনব পন্থাৰে গোলাঘাট জলজীবন মিছন তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি সকীয়াই দিয়ে।






























