Maharashtra:✒️ দিল্লী বিস্ফোৰণৰ পাছতে দেশজুৰি আৰম্ভ কৰা হৈছে আটক অভিযান। ইয়াৰ মাজতে মহাৰাষ্ট্ৰৰ ছাত্ৰপতি সম্ভাজিনগৰৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ হৈছে এগৰাকী মহিলা।তেওঁৰ পৰা উদ্ধাৰ হৈছে কিছু আন্তঃৰাষ্ট্ৰীয় মোবাইল নম্বৰ।
যাৰ ভিতৰত আছে আফগান দূতাবাস আৰু পাকিস্তানৰ নম্বৰ। শনিবাৰে জলনা ৰোডৰ হোটেলখনৰ পৰা আটক কৰে কল্পনা ভাগৱত নামৰ এগৰাকী মহিলাগৰাকীক।
যোৱা ছমাহ ধৰি হোটেলখনত ভুৱা নথি-পত্ৰ দেখুৱাই আছিল মহিলাগৰাকীয়ে।তেওঁৰ হোটেলৰ কোঠাত তালাচী চলাওঁতে আৰক্ষীয়ে তেওঁৰ নাম সহ পাঁচখন কাগজ উদ্ধাৰ কৰে, য’ত লিখা আছিল ‘Recruitment to IAS through Civil Services Examination 2017’। এই নথি-পত্ৰসমূহ পৰীক্ষা কৰা হৈছে বুলি জনোৱা হৈছে।
আৰক্ষীয়ে জনোৱা মতে, মহিলাগৰাকীয়ে জয়পুৰ, উদয়পুৰ আৰু দিল্লীও ভ্ৰমণ কৰিছিল। এই ভ্ৰমণৰ ওপৰতো তদন্ত চলি আছে। মহিলাগৰাকীৰ মোবাইল ফোনত আৰক্ষীয়ে আফগান দূতাবাস আৰু পাকিস্তানৰ কেইটামান আন্তঃৰাষ্ট্ৰীয় নম্বৰ উদ্ধাৰ কৰে।
তথ্য অনুসৰি, আশ্ৰফ কিল নামৰ এজন বিদেশীলৈ তেওঁ তিনি লাখ টকা পঠিয়াইছিল।
আৰক্ষীয়ে জনোৱা মতে, মহিলাগৰাকীৰ একাউণ্টত ৩২ লাখ টকা উদ্ধাৰ হৈছে। অৱশ্যে এই ধনৰ উৎসৰ বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই।
তথ্য অনুসৰি মহিলাগৰাকীয়ে কোনো চাকৰি কৰা নাছিল।যদিও তেওঁ দেশৰ ১৩ জন লোকৰ একাউণ্টলৈ ধন প্ৰেৰণ কৰিছিল ।ইয়াৰ পাছতে দেশৰ বিভিন্ন প্ৰান্তৰ ১৩ জন লোকলৈ জাননী প্ৰেৰণ কৰা হয়।
আৰক্ষীয়ে জনোৱা মতে, তদন্তকাৰীয়ে তেওঁৰ হোৱাটছএপত বিভিন্ন বিদেশীৰ স’তে কথোপকথন উদ্ধাৰ কৰিছে। মহিলাগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাত প্ৰৱঞ্চনা আৰু জালিয়াতিৰ গোচৰ ৰুজু কৰা হৈছে।






























