AIUDF:
ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ পাঁচটা মাহ থকা অৱস্থাত এআইইউডিএফৰ কে’বাজনো বিধায়কে দল ত্যাগ কৰি আন দললৈ যাবলৈ সাজু হৈছে ।
ইয়াৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হৈছে সোণাই সমষ্টিৰ বিধায়ক তথা দলটোৰ সাধাৰণ সম্পাদক কৰিমউদ্দিন বৰভূঞা ৷ অসম বিধানসভাৰ শীতকালীন অধিবেশন চলি থকাৰ মাজতে হঠাতে অসম গণ পৰিষদৰ মূৰব্বী অতুল বৰাক সাক্ষাৎ কৰে বৰভূঞাই ৷ এই সাক্ষাতৰ পিছত সাংবাদিকৰে হোৱা বাৰ্তালাপত এআইইউডিএফৰ বিধায়ক গৰাকীয়ে কয়, অহা জানুৱাৰীত যোগদান কৰিম অগপত আৰু পৰৱৰ্তী সময়ত দলটোৰ টিকটত নিৰ্বাচনত অৱতীৰ্ণ হৈ সৰ্বাধিক ভোটত জিকিম I
