AJP:
শ্ৰীভূমি জিলাৰ নিলাম বজাৰত বুধবাৰে অসম জাতীয় পৰিষদৰ এক বিশাল জনসভা অনুষ্ঠিত হয়। দলৰ শ্ৰীভূমি জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাখনত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। দলৰ উপ-সভাপতি চমছেৰ সিং,ৰমেন্দ্ৰ মল্ল বুজৰবৰুৱা, সম্পাদক ৰাজু ফুকন, চিত্তৰঞ্জন বসুমতাৰী, জিয়াউৰ ৰহমান, অমিতাভ বৰঠাকুৰ, উদ্দীপজ্যোতি গগৈ, যুটীয়া সম্পাদক হেমন্ত কুমাৰ হালৈ আৰু জাতীয় যুৱ শক্তিৰ সম্পাদক ছাইফুল ইছলামসহ কেইবাগৰাকী কেন্দ্ৰীয় নেতাই সভাত অংশগ্ৰহণ কৰে। সভাত সভাপতিত্ব কৰে দলটোৰ শ্ৰীভূমি জিলাৰ সভাপতি চৈয়দ চাকিলুৰ ৰহমানে।
উল্লেখযোগ্য যে বৰাক উপত্যকাত বিজেপিৰ ব্যাপক প্ৰভাৱ আছে। জাতীয়তাবাদী ৰাজনৈতিক দল অসম জাতীয় পৰিষদে তাত সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ সক্ষম হোৱা নাছিল। কিন্তুআজি দলটোৱে নিলামবজাৰ বিবেকানন্দ হাইস্কুল খেলপথাৰত পাঁচ সহস্ৰাধিক লোকক সমবেত কৰোৱাই বৰাক উপত্যকাত ইয়াৰ সাংগঠনিক শক্তি প্ৰদৰ্শন কৰা বুলি বিবেচিত হৈছে।
আজিৰ সভাখনৰ পূৰ্বে লুৰীণজ্যোতি গগৈসহ দলৰ নেতৃবৃন্দই প্ৰাণৰ শিল্পী জুবিন গাৰ্গে কৰিমগঞ্জ চহৰৰ ছেটেলমেন্ট ৰোডত থকা যিটো ঘৰত নিজৰ বাল্যকাল অতিবাহিত কৰিছিল, তাত উপস্থিত হৈ আজি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে জাতীয় মহানায়কগৰাকীৰ স্মৃতি যুগমীয়া কৰাৰ পদক্ষেপ হিচাপে সেই ঠাইত এটা স্মাৰক নিৰ্মাণৰ দাবী জনায়। তেওঁলোকে লগতে ভাৰত-বাংলা সীমান্তৱৰ্তী বিসৰ্জন ঘাটলৈ গৈ উন্মুক্ত নদী সীমান্ত পৰ্য্যবেক্ষণ কৰে। দলৰ সভাপতিগৰাকীয়ে কৰিমগঞ্জ চহৰৰ কাচাঘন্টি মন্দিৰলৈ গৈ সেৱা আগবঢ়ায়। তাৰ পাছত পাঁচ সহস্ৰাধিক মটৰ চাইকেলত অহা দলীয় কৰ্মীসকলে শ্ৰীভূমি চহৰৰ পৰা দলীয় নেতৃবৃন্দক আগবঢ়াই লৈ যায়।
সভাৰ আৰম্ভণিতে দলৰ সম্পাদক তথা মুখপাত্ৰ জিয়াউৰ ৰহমানে ভাষণ দি দল গঠনৰ প্ৰেক্ষাপট, দলৰ উদ্দেশ্য তথা নীতি-আদৰ্শৰ বিষয়ে বৰ্ণনা কৰে। তাৰ পাছতেই দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে দীঘলীয়া ভাষণ দিয়ে।
আনহাতে বৰাকৰ দুগৰাকী মন্ত্ৰীৰ পৃষ্ঠপোষকতাত এই জিলা তিনিখনত বিভিন্ন সামগ্ৰীৰ অবৈধ ছিণ্ডিকেটৰ বজাৰ বহুৱাৰ আঁৰত দিছপুৰৰ হাত আছে বুলি উল্লেখ কৰি গগৈয়ে কয় যে উক্ত ছিণ্ডিকেটৰ টকাৰ অংশ দিছপুৰৰ কোনে পায়, সেয়া জনাৰ অধিকাৰ ৰাইজৰ আছে। বৰাক উপত্যকাত ড্ৰাগছৰ অবাধ প্ৰচলন, সৰবৰাহ আৰু ব্যৱসায় চৰকাৰ তথা আৰক্ষীয়ে বন্ধ কৰিব পৰা নাই বৰং তাৰ আঁৰত কাৰ পৃষ্ঠপোষকতা জড়িত হৈ আছে সেয়া ৰাইজৰ বুজিবলৈ বাকী নাই বুলি গগৈয়ে মত প্ৰকাশ কৰে। আনহাতে, অসম জাতীয় পৰিষদে ২০২৬ চনৰ নিৰ্বাচনত অসমৰ অন্য জিলাৰ লগতে বৰাক উপত্যকাতো নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলিও গগৈয়ে ঘোষণা কৰে।
