Fire in Hatigaon:
মহানগৰীৰ হাতীগাৱঁত বৃহস্পতিবাৰে বিয়লি সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ড ভস্মীভূত হয় এটা বাসগৃহ।
ADVERTISEMENT
হাতীগাৱঁৰ শ্বানগৰ গ্ৰীন পথৰ ২২নং ঘৰত আজি বিয়লি ৩ মান বজাত সংঘটিত হয় অগ্নিকাণ্ডৰ সূত্ৰপাত ৷ বাসগৃহটোৰ চৌহদতে থকা ২২টাকৈ ভাড়াঘৰ মুহূৰ্ততে জুয়ে আগুৰি ধৰে ৷ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় বাসগৃহ সহ প্ৰায় লক্ষাধিক টকাৰ সা- সম্পত্তিৰ লগতে ২খনকৈ বাহন ৷ আনহাতে বিধ্বংসী জুইয়ে কাষতে থকা অট্টালিকা এটিৰো ক্ষতিগ্ৰস্ত কৰে ৷
আনহাতে জুই লগাৰ খবৰ লাভ কৰি ঘটনাস্থলীত দিছপুৰৰ অগ্নিনিৰ্বাপকৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা কৰে যদিও ইতিমধ্যে জুইত ভস্মীভূত হয় ২২টাকৈ পৰিয়ালৰ বাসগৃহ ৷




































