HC rejected the bail application of Monalisa Goswami:
পর্যটন বিভাগত সংঘটিত বিয়াগোম নিযুক্তি কেলেংকাৰি সন্দৰ্ভত চিএম ভিজিলেঞ্চৰ জেৰাৰ সন্মুখীন হোৱা পর্যটন বিভাগৰ তদানীন্তন পর্যটন সঞ্চালক মনালিছা গোস্বামীৰ জামিন আবেদন নাকচ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷
উল্লেখ্য যে মনালিছা গোস্বামী পর্যটন বিভাগত সঞ্চালিকা থকাৰ সময়ত বক্ৰপথেৰে চাকৰি লাভ কৰিছিল আঠজনকৈ সহকাৰী পৰ্যটন বিষয়াই ৷ ইতিমধ্যে কে’বাজনো সহকাৰী পৰ্যটন বিষয়া চিএম ভিজিলেঞ্চৰ জালত পৰাৰ বিপৰীতে আন কে’বাজনো গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ অগ্ৰিম জামিন লাভ কৰিছিল ৷
অবৈধ নিযুক্তি সন্দৰ্ভত কে’বাবাৰো চিএম ভিজিলেঞ্চৰ জেৰাৰ সন্মুখীন হৈ গ্ৰেপ্তাৰৰ সম্ভাৱনা প্ৰকট হৈ পৰাত অগ্ৰিম জামিনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল মনালিছা গোস্বামী ৷ কিন্ত ন্যায়ালয়ে অগ্ৰিম জামিন নাকচ কৰাৰ পিছত গ্ৰেপ্তাৰৰ ভয়ত বৰ্তমান আত্মগোপন কৰি আছে পর্যটন বিভাগৰ তদানীন্তন পর্যটন সঞ্চালিকা গৰাকী ৷
উল্লেখ্য যে মনালিছা গোস্বামী পৰ্যটন সঞ্চালিকা হিচাপে কৰ্মৰত হৈ থকাৰ সময়ত পৰ্যটন মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল সেই সময়ৰ প্ৰচণ্ড ক্ষমতাশালী ৰকিবুল হুছেইন।
