ধাৰাবাহিক বান আৰু ভূমিস্খলনত বিধ্বস্ত শ্ৰীলংকা, কমেও ৫৬ জন লোকৰ মৃত্যু

Sri Lanka 1

Sri Lanka:✒️ধাৰাসাৰ বৰষুণৰ ফলত বানপানী আৰু ভূমিস্খলনত বিধ্বস্ত শ্ৰীলংকা। বৰ্তমানলৈকে এই দুৰ্যোগত কমেও ৫৬ জন লোকে প্ৰাণ হেৰুৱাইছে।ক্ষতিগ্ৰস্ত প্ৰায় ৬০০ ঘৰ ।

যোৱা সপ্তাহৰ পৰা প্ৰতিকূল বতৰৰ বাবে চুবুৰীয়া দেশখন বিধ্বস্ত হৈ পৰিছে। কিন্তু বৃহস্পতিবাৰে পৰিস্থিতি ভয়াৱহ হৈ পৰে। ধাৰাবাহিকভাৱে হোৱা প্ৰচণ্ড বৰষুণত ডুব গৈছে ৰাস্তা-ঘাট।

বানত ঘৰ, পথাৰ, ৰাস্তা সকলো ডুব গৈছে। ইয়াৰ সমান্তৰালকৈ ভূমিস্খলনেও ব্যাপক ক্ষতিসাধন কৰে। ইয়াৰে কেৱল বাদুল্লা আৰু নুৱাৰা এলিয়া অঞ্চলত ২৫ জনতকৈ অধিক লোকৰ ভূমিস্খলনত মৃত্যু হয়। সেই অঞ্চলত আন ২১ জন সন্ধানহীন। ১৪ জন আহত হৈছে।

সমগ্ৰ দেশত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত যাতায়ত ব্যৱস্থাও ক্ষতিগ্ৰস্ত হৈছে। বহু ঠাইত ৰেল সেৱা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। গছ-গছনি পৰাৰ বাবে বহু পথত যান-বাহন বন্ধ হৈ পৰিছে। এই পৰিস্থিতিত আবদ্ধ হৈ পৰিছে বহু লোক।

আৰম্ভ হৈছে উদ্ধাৰ অভিযান। ক্ষতিগ্ৰস্ত বহু অঞ্চল পৰিদৰ্শন কৰিবলৈ নৌসেনা আৰু আৰক্ষীৰ নাও মোতায়েন কৰা হৈছে। উদ্ধাৰ অভিযানৰ বাবেও হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছে।

Exit mobile version