বিকল ফায়াৰ এলাৰ্ম , হংকঙত অগ্নিকাণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা ১২৮ লৈ বৃদ্ধি

IMG 20251128 154933

Hong Kong Fire:✒️বুধবাৰে নিশা ভয়াৱহ ঘটনাৰ সাক্ষী হ’ল হংকঙ। আধুনিক চহৰখনত সংঘটিত হ’ল তিনি দশকৰ সৰ্ববৃহৎ অগ্নিকাণ্ড। টাই প’ জিলাৰ সাতটা ওখ অট্টালিকাত সংঘটিত হৈছিল এই অগ্নিকাণ্ড।

বৃদ্ধি পাইছে ঘটনাটোত মৃত্যু হোৱা লোকৰ সংখ্যা।ঘটনাটোত মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে ।

শুকুৰবাৰে পুৱা হংকং চৰকাৰে প্ৰকাশ কৰা এক প্ৰতিবেদনত সাতটা উচ্চ অট্টালিকাত সংঘটিত হোৱা অগ্নিকাণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা ১২৮ জনলৈ বৃদ্ধি পাইছে।

ইয়াৰ উপৰিও তদন্তত প্ৰাথমিকভাৱে প্ৰকাশ পাইছিল যে দুৰ্ঘটনাৰ সময়ত ফায়াৰ এলাৰ্মটোৱে সঠিকভাৱে কাম কৰা নাছিল, যাৰ বাবে ঘটনাটোৰ সময়ত বাসিন্দাসকলে বাসগৃহৰ পৰা পলায়ন কৰিবলৈ পৰ্যাপ্ত সময় পোৱা নাছিল।

Exit mobile version