শ্ৰীলংকাত বিধ্বংসী ঘূৰ্ণীবতাহ ! প্ৰচণ্ড বতাহ আৰু বৰষুণৰ ফলত বিধ্বস্ত শ্ৰীলংকা

1764317107 cyclone

Sri Lanka:✒️ঘূৰ্ণীবতাহ দিত্বাহ বিধ্বস্ত শ্ৰীলংকা। স্থানীয় প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি প্ৰচণ্ড বতাহ আৰু বৰষুণৰ ফলত কেবাটাও অঞ্চলত ভূমিস্খলন হৈছে। প্ৰাপ্ত তথ্য অনুসৰি ইয়াৰ ফলত ৪৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে সন্ধানহীন বহুতো ।

শুকুৰবাৰে পুৱা দ্বীপ ৰাষ্ট্ৰখনত প্ৰলয়ংকৰী ঘূৰ্ণীবতাহৰ সৃষ্টি হয়। দেশৰ বতৰ বিজ্ঞান বিভাগে এই ধুমুহা আগন্তুক ১২ ঘণ্টা ধৰি অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে।

এই ঘূৰ্ণীবতাহৰ ফলত দেশৰ কেবাটাও স্থানত ৩০০ মিলিমিটাৰৰো অধিক বৰষুণ হৈছে।

যাৰ বাবে আকস্মিক বান আৰু ভূমিস্খলনৰ সৃষ্টি হৈছে। আৰু সেই বান আৰু ভূমিস্খলনত বহু ঘৰ ক্ষতিগ্ৰস্ত হৈছে। যদিও আনুষ্ঠানিকভাৱে নিৰুদ্দেশ হোৱা লোকৰ সংখ্যা ২৩ জন বুলি কোৱা হৈছে, তথাপিও নিশ্চিত নোহোৱা সূত্ৰই জনোৱা মতে এই সংখ্যা বহু বেছি।

স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি দেশৰ পূব আৰু মধ্য অঞ্চলত এই ঘূৰ্ণীবতাহৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। বন্ধ কৰি দিয়া হৈছে বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়। দুৰ্যোগ ব্যৱস্থাপনা কেন্দ্ৰই জনোৱা মতে, দেশৰ বিভিন্ন প্ৰান্তত বহু লোক আৱদ্ধ হৈ আছে।

উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে যদিও দুৰ্গম অঞ্চলত উপস্থিত হ’ব পৰা নাই উদ্ধাৰকাৰী দল। স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি শ্ৰীলংকাৰ পৰা কেবাখনো আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰা বাতিল কৰা হৈছে।

শ্ৰীলংকাত বিগত এসপ্তাহ ধৰি ধাৰাসাৰ বৰষুণ হৈ আহিছে। ঘূৰ্ণীবতাহ দিত্বাহ পৰিস্থিতি আৰু ভয়াৱহ কৰি তুলিছে। ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনে সমগ্ৰ দেশৰ ৪৪ হেজাৰ লোকক ক্ষতিগ্ৰস্ত কৰিছে।

Exit mobile version