SIR:পশ্চিমবংগত এছআইআৰৰ প্রক্রিয়াত এন্যুমাৰেচন ফর্ম দিয়া প্রায় শেষ হৈছে। অথচ এতিয়াও মানুহৰ মনত আছে একাধিক প্রশ্ন। ৰাজ্যখনত এছআইআৰৰ আতংকত একাধিক লোকে আনকি আত্মহত্যাৰ পথো বাছি লোৱাৰ অভিযোগ উঠিছে। আনকি এছআইআৰ ঘোষণাৰ পাছতে ৰাজ্যখনৰ একাংশ লোক অন্তর্ধান হোৱাৰো বাতৰি প্ৰকাশ পাইছে।
এইবাৰ এছআইআৰৰ আতংকত অবাক কাণ্ড কৰিলে এগৰাকীন মহিলাই। এজোপা বট গছৰ ডালত উঠি ডাল-পাতৰ আঁৰত আশ্রয় ল’লে ভয়ার্ত মহিলাগৰাকীয়ে। সেয়াও আকৌ বুধবাৰৰ নিশাৰ পৰাই। এই দৃশ্য দেখি স্থানীয় লোকসকল আচৰিত হৈ পৰে। স্থানীয় লোকে দাবী কৰিছে যে এছআইআৰৰ আতংকতে সেই মহিলাই গছৰ ওপৰত আশ্রয় লৈছে। নামি আহিবলৈ বহুবাৰ আহ্বান জনোৱা সত্ত্বেও একো লাভ হোৱা নাই
এই ঘটনা সংঘটিত হৈছে পশ্চিমবংগৰ উত্তৰপাৰা পৌৰসভাৰ ২৪ নম্বৰ বাৰ্ডৰ হিন্দমোটৰ কল’নী অঞ্চলত। এই সম্পর্কত এজন স্থানীয় লোকে কয়, ‘নিশাৰ পৰাই দেখা গৈছে যে বট গছত এগৰাকী মহিলা বহি আছে আৰু এছআইআৰ এছআইআৰ বুলি চিঞৰি আছে।’ কেৱল সেয়াই নহয়, ফর্ম লৈ আহিলে মাৰিব বুলি ভাবুকি দি আছে বুলিও লোকজনে কয়। তেওঁ কয়, ‘বহুবাৰ নামিবলৈ কোৱা হৈছে; কিন্তু বাৰে বাৰে মহিলাগৰাকীয়ে একেই কথা কৈ আছে।’
বুধবাৰৰ নিশাৰ পৰাই মহিলাগৰাকীয়ে বট গছৰ ওপৰত বহি আছে। কোনো কোনো স্থানীয় লোকে অৱশ্যে দাবী কৰিছে যে মহিলাগৰাকী মানসিক ভাৰসাম্যহীন। কিবা প্ৰকাৰে এছআইআৰ বা এন্যুমাৰেচন ফৰ্মৰ কথা শুনিছে আৰু তাৰ পাছৰে পৰাই তাকে কৈ আছে। আনহাতে, স্থানীয় লোকৰ পৰা ঘটনাৰ খবৰ পায়েই উত্তৰপাৰা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয়।
বৃহস্পতিবাৰে বিয়লি পর্যন্ত আৰক্ষী বিষয়াসকলে মহিলাগৰাকীক বুজাই-বঢ়াই গছৰ পৰা নমাবলৈ চেষ্টা কৰি আছে যদিও সফল হোৱা নাই। অৱশ্যে এই ঘটনাৰ লগত এছআইআৰ সংক্রান্তীয় কোনো যোগসূত্র আছে নে নাই, সেয়া আৰক্ষীয়ে সদৰী কৰা নাই। সকলো দিশ চালিজাৰি চোৱা হৈছে বুলি আৰক্ষী বিষয়াই জনাইছে। ইপিনে, মহিলাগৰাকীক নমাবলৈ অগ্নি নির্বাপক বাহিনীকো মতা হৈছে।






























