Uttar Pradesh:✒️ভাৰতৰ বিভিন্ন স্থানত এতিয়াও যৌতুকৰ দাবীত বোৱাৰী হত্যাৰ ঘটনা সংঘটিত হয়। আনকি যৌতুক আদায় দিব নোৱৰাৰ বাবে দৰাই বিবাহ মণ্ডপৰ পৰা ঘৰলৈ ঘূৰি যোৱাৰ উদাহৰণো আছে।
ইয়াৰ মাজতে আশাৰ পোহৰ দেখুওৱা এক ঘটনা ঘটিছে উত্তৰপ্ৰদেশৰ মুজফ্ফৰপুৰত। স্থানীয় সংবাদ মাধ্যমে জনোৱা মতে, যৌতুকৰ ৩১ লাখ টকা ল’বলৈ অস্বীকাৰ কৰিলে এজন ২৬ বছৰীয়া যুৱকে।
বিয়াত উপস্থিত থকা একাংশ আমন্ত্রিত অতিথিয়ে জনাইছে যে ২৪ বছৰীয়া কইনাৰ পিতৃৰ ক’ভিডৰ সময়ত মৃত্যু হৈছিল। বিয়াৰ দিনা এক ৰীতি পালন কৰাৰ সময়ত কইনাৰ পৰিয়ালৰ তৰফৰ পৰা এখন কাঁহীত ৩১ লাখ টকা দৰালৈ আগবঢ়োৱা হয়। যদিও যৌতুকৰ সেই ধন দৰাই ঘূৰাই দিয়ে।
তেতিয়াই দৰাই কয়, ‘এই টকাখিনি লোৱাৰ কোনো অধিকাৰ মোৰ নাই। এইখিনি কইনাৰ পিতৃয়ে অনেক কষ্টৰে উপাৰ্জন কৰা টকা।মই এইখিনি ল’ব নোৱাৰো।’
দীর্ঘদিন ধৰি চলি অহা এক প্ৰথাৰ বিৰুদ্ধে দৰাৰ এই বিদ্রোহে সকলোৰে মন জয় কৰিছে। প্রাপ্ত তথ্য অনুসৰি, দৰাৰ পৰিয়ালেও তেওঁৰ সিদ্ধান্তক সমর্থন জনাইছে। সমান্তৰালকৈ কইনাৰ পৰিয়ালে ইয়াৰ বাবে কৃতজ্ঞতা প্রকাশ কৰিছে। এই ঘটনাৰ পাছত নির্বিঘ্নেই বিয়াখন সম্পন্ন হয়। গাঁওবাসীয়েও ইয়াৰ বাবে আনন্দ প্রকাশ কৰে।
স্থানীয় লোকসকলে দাবী কৰিছে যে সকলোৰে সন্মুখত দৰা অৱধেশ ৰাণাই যৌতুকৰ ধন ঘূৰাই দিয়া ঘটনাই সমগ্র জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। বহুতেই এই ঘটনাক যৌতুক লোৱাৰ বিৰুদ্ধে এক বিদ্রোহ বুলি অভিহিত কৰিছে। এই প্রসংগত দৰা অৱধেশে কয়, ‘বিয়াৰ দিনা মোৰ পত্নী অদিতি সিঙৰ পৰিয়ালে ৩১ লাখ টকা যৌতুক দিব বিচাৰিছিল।
আমি সেই টকা ঘূৰাই দিছো, কাৰণ আমি যৌতুক প্ৰথাৰ বিৰোধী।’ উল্লেখ্য যে ক’ভিডৰ সময়তে অদিতিৰ পিতৃৰ মৃত্যু হয়। ইয়াৰ পাছৰে পৰা অদিতি আৰু তেওঁ ভ্রাতৃয়ে ককাকৰ ঘৰতে ডাঙৰ হৈছিল। অদিতিয়ে এমএছচি উত্তীর্ণ হোৱাৰ পাছত তেওঁৰ বিয়াৰ সিদ্ধান্ত লৈছিল পৰিয়ালে।
