Jal Jeevan Mission: ✒️জল জীৱন আঁচনিৰ বিপৰীতে কোটি কোটি টকা আবন্টনৰ পাছতো হোজাই জিলাৰ ডবকাৰ বিভিন্ন অঞ্চলৰ গঞা ৰাইজে আজি এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। ডবকাৰ কাছাৰীপাৰা, মিকিৰপাৰা, কৰৈগুৰি গাঁৱৰ ৰাইজৰ বাবে এটোপাল বিশুদ্ধ খোৱাপানী এতিয়া দুর্লভ।
দেশ স্বাধীন হোৱাৰ সুদীর্ঘ ৭৮ বছৰৰ পাছতো তেওঁলোকে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰি ফুৰিব লগা হৈছে। এইসমূহ গাঁৱৰ দুখীয়া ৰাইজে যমুনা নৈ, দমকল, কুঁৱা আদিৰ অশুদ্ধ, লেতেৰা পানী খাই জীৱন নির্বাহ কৰিব লগা হৈছে।
গাঁওবাসীৰ প্রৱল দাবীৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে জল জীবন মিছন নামৰ অভিলাষী আঁচনিৰ জৰিয়তে এখন পানী যোগান আঁচনি নির্মাণ কৰা হৈছিল।
প্রায় এক কোটি ৫৭লাখ টকা ব্যয় সাপেক্ষে নির্মাণ কৰা এই আঁচনিখনৰ কাম এবছৰ পূৰ্বে সম্পূর্ণ হৈছিল যদিও আজিলৈকে গাঁওকেইখনত এটোপাল বিশুদ্ধ খোৱাপানী যোগান ধৰিব পৰাকৈ সক্রিয় হৈ উঠা নাই।
আটকধুনীয়াকৈ নির্মাণ কৰা আঁচনিখনৰ আচবাবসমূহো জহি-খহি গৈ জৰাজীৰ্ণ ৰূপ লোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। অকল এইকেইখন গাঁৱেই নহয়, হোজাই জিলাৰ বিন্নাকান্দি সমষ্টিৰ বহু কেইখন গাঁৱতেই এনেদৰে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে গএণ ৰাইজে হাহাকাৰ কৰিব লগা হৈছে।
উল্লেখ্য যে জনস্বাস্থ্য কাৰিকৰী বিভাগে বিন্নাকান্দি সমষ্টিত প্রস্তারিত ১৬০খনৰ জল জীৱন আঁচনিৰ ভিতৰত ১০৩ খনৰ কামহে এই পর্যন্ত সম্পূর্ণ কৰি তুলিছে। অৱশ্যে বিভাগীয় নথিত সম্পূর্ণ হোৱা একাধিক জল জীৱনৰ আঁচনি বর্তমানেও সক্রিয় হৈ উঠা নাই।
সমান্তৰালকৈ প্রস্তাবিত ৬০ হেজাৰ ২৩৬ টা ঘৰুৱা সংযোগৰ ভিতৰত এই পর্যন্ত ৩২,৫২৬ টা ঘৰুৱা সংযোগহে দিয়া হৈছে বুলি বিভাগীয় তথ্যত প্রকাশ। ১০৩খন আঁচনিৰ জৰিয়তে ৩২,৫২৬ টা ঘৰুৱা সংযোগ দিয়া হৈছে যদিও ৰাইজে সংশ্লিষ্ট পানী যোগান আঁচনিৰ জৰিয়তে এটুপি বিশুদ্ধ খোৱাপানী নোপোৱাত আঁচনিখন কিমান ফলপ্রসূ হৈছে তাৰ ফোঁপোলা স্বৰূপ ওলাই পৰিছে।






























