Hengerabari Fire:
মহানগৰীৰ হেঙেৰাবাৰীৰ কালী মন্দিৰৰ সমীপত শনিবাৰে দুপৰীয়া সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড ৷ এটা বাসগৃহত সংঘটিত হোৱা অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হয় এজন বৃদ্ধৰ ৷
এটা বাসগৃহত সূত্ৰপাত হোৱা জুয়ে মুহূৰ্ততে আগুৰি ধৰে সমগ্ৰ বাসগৃহটো ৷ সেই সময়ত ঘৰটোৰ ভিতৰত থকা ৯৮ বৰ্ষীয় ধৰ্মেশ্বৰ বৰুৱা অসুস্থাতাৰ বাবে বাহিৰলৈ ওলাই আহিবলৈ সক্ষম নহ’ল ৷ ফলত জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাবটি লয় বৃদ্ধ গৰাকীয়ে ৷ আনহাতে জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় বাসগৃহ সহ মটৰ চাইকেল, স্কুটী আৰু এখন চাৰিচকীয়া বাহন ৷
উল্লেখ্য যে,কৰুণ মৃত্যুক সাবটি লোকজন চিকিৎসাৰ বাবে আহিছিল কন্যাৰ ঘৰলৈ ৷ কিন্ত কন্যাৰ ঘৰতে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাবটি ল’বলগীয়া হয় দুৰ্ভগীয়া বৃদ্ধ গৰাকীয়ে।
আনহাতে অগ্নিকাণ্ডৰ খবৰ লাভ কৰাৰ পিছত ঘটনাস্থলীত উপস্থিত হোৱা দিছপুৰস্থ অগ্নিনিৰ্বাপকৰ বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা কৰে যদিও ইতিমধ্যেই বিধ্বংসী জুইত ভস্মীভূত হয় বাসগৃহটো ৷ অৱশ্যে ভয়ংকৰ জুইৰ সুত্ৰপাত দাঁতিত থকা আন বাসগৃহলৈ সম্প্ৰসাৰিত হোৱাৰ পূৰ্বে অগ্নিনিৰ্বাপকৰ বাহিনীৰ গাড়ীয়ে তৎপৰতাৰে জুই নিৰ্বাপন কৰে ৷ কিদৰে অগ্নিকাণ্ড সংঘটিত হ’ল এই পৰ্যন্ত জানিব পৰা হোৱা নাই ৷




































