Jail Minister Rupesh Gowala:
ৰাজ্যত অচিৰেই নতুনকৈ নিৰ্মাণ হ’ব সাতখন কাৰাগাৰ ৷ নতুন কাৰাগাৰ নিৰ্মাণ হ’ব লগা জিলা কেইখন হ’ল গোৱালপাৰা, ধুবুৰী,শিৱসাগৰ শিলচৰ, তেজপুৰ, উত্তৰ লখিমপুৰ আৰু মঙলদৈ ৷ সদনত এই কথা সদৰি কৰে গৃহ (কাৰাগাৰ) বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালাই ৷
আনহাতে শাসক- বিৰোধীৰ কে’বাজনো বিধায়কে কাৰাগাৰত থকা কাৰাবন্দীৰ তথ্য জানিব বিচৰাত কাৰাগাৰ মন্ত্ৰী গৰাকীয়ে কয়,বৰ্তমান ৰাজ্যৰ কাৰাগাৰ সমূহত কাৰাৰুদ্ধ হৈ থকা থকা কাৰাবন্দীৰ সংখ্যা ১১২৪১ অপৰাধী ৷
আনহাতে কাৰাগাৰত কয়দী ৰাখিব পৰা ক্ষমতা আছে ১১৩৭২ জনৰ ৷ একেদৰে পাঁচ বছৰত বিচাৰাধীন হৈ আছে ২৯৮৮২গৰাকী অভিযুক্ত ৷ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত থকা মহিলা অপৰাধীৰ সংখ্যা ৭৩ গৰাকী ৷
#২৬ জানুৱাৰী পৰা মজুৰি বৃদ্ধি পাব চাহ শ্ৰমিকৰ
:চাহ বাগিছাত কৰ্মৰত শ্ৰমিকৰ মজুৰি অচিৰেই বৃদ্ধি পাব ৷ এই কথা সদনত সদৰী কৰে শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালাই ৷ ২৬ জানুৱাৰীৰ পৰা বৃদ্ধি পাব চাহ শ্ৰমিকৰ মজুৰি ৷ এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে ইতিমধ্যে গঠন কৰিছে উপদেষ্টা কমিটি I




































