Kokrajhar:
ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ শনিবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় কোকৰাঝাৰত ৷ জনজাতিকৰণৰ বিৰোধীতাৰে ক্ষোভৰ বহি: প্ৰকাশ ঘটে কোকৰাঝাৰৰ দেৱৰগাঁৱৰ ৰাঙলিখাটাস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ ৷


বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিক্ষুব্ধ কে’বা সহস্ৰাধিক জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ দলে ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদানৰ সিদ্বান্তৰ বিৰোধীতাৰে বিশ্ববিদ্যালয়ৰ চৌহদৰপৰা প্ৰতিবাদ সমদল কৰি বডোফা নগৰস্থিত বিটিচি সচিবালয় চৌহদত অৱস্থান কৰি বিভিন্ন শ্ল’গানেৰে আকাশ- বতাহ মুখৰিত কৰি তোলে ৷
উল্লেখ্য যে ,প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীৰ সমদলটো দেৱৰগাঁৱৰ জেডিৰোড হৈ বিটিচি সচিবালয় অভিমুখে ৰাওনা দি হাগ্ৰামা মহিলাৰী হুছিয়াৰ, হাগ্ৰামা মহিলাৰী গ’ বেক, বিশ্বজিত দৈমাৰী মুৰ্দাবাদ, প্ৰমোদ বড়ো গ’ বেক, অসম চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, ৰণোজ পেগু মুৰ্দাবাদ, ৰৌণগৌড়া নাৰ্জাৰী মুৰ্দাবাদ, উৰ্খাও গৌড়া ব্ৰহ্ম হুছিয়াৰ, উৰ্খাও গৌড়া ব্ৰহ্ম গ’ বেক, চৰণ বড়ো গ’ বেক, ৰিহণ দৈমাৰী মুৰ্দাবাদ. চিচিটিঅএ জিন্দাবাদ, ট্ৰাইবেল ইউনিটি জিন্দাবাদ, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বাতিল কৰক, উই ৱান্ট জাষ্টিছ , এন্টি ট্ৰাইবেল হুছিয়াৰ, জৈ বড়ো হাৰিনী জৈ আদি নানা ধৰণৰ শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলাৰ মাজতে ক্ষুব্ধ বিটিচি সচিবালয়ৰ প্ৰৱেশদ্বাৰ ভেদি সচিবালয়ৰ ভিতৰত প্ৰৱেশ কৰে ৷ একাংশ ক্ষুব্ধ শিক্ষাৰ্থীয়ে বিটিচি সচিবালয়,বিধায়িনী পৰিষদীয় সদন কক্ষৰ বয়বস্তু ভাঙি লণ্ডভণ্ড কৰে ৷
আনকি সেই সময়ত কৰ্তব্যৰত ব্লেক কামাণ্ডো, অসম আৰক্ষী নিঃসহায়ভাৱে প্ৰত্যক্ষ কৰিব লগীয়া হ’ল সমগ্ৰ পৰিৱেশ ৷ সম্প্ৰতি ছাত্ৰ-ছাত্ৰী সকলে অৱস্থান কৰিছে বিটিচি সচিবালয়ৰ সমুখত৷ ধৰ্ণা. প্ৰতিবাদী শ্ল’গানেৰে বৰ্তমানেও পৰিস্থিতি উত্তাল হৈ আছে ৷
