Ramendra Narayan Kalita:বিধানসভা চৌহদত অগপৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ মহা বিস্ফোৰণ

অচিৰেই আমবাৰীমুখী হ'ব এআইইউডিএফ - কংগ্ৰেছৰ দুজনকৈ মুঠ চাৰিজন বিধায়ক

agp

Ramendra Narayan Kalita:

বিধানসভা নিৰ্বাচন কিম্বা লোকসভা নিৰ্বাচন ৷ প্ৰতিটো নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এটা দলৰ পৰা আন এটা দললৈ লুটিবাগৰ মৰাটো ভাৰতীয় ৰাজনীতি প্ৰেক্ষাপটৰ এটা অংগ হৈ পৰিছে।

ইয়াৰ মাজতে আজি অসম বিধানসভা চৌহদত ৰাজনৈতিক মহা বিস্ফোৰণ ঘটালে অগপৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই I

অসম বিধানসভাৰ পাঁচদিনীয়া শীতকালীন অধিৱেশনৰ আজি অন্তিমটো দিন ৷ অধিৱেশনত অংশগ্ৰহণৰ বাবে বিধানসভা চৌহদত সাংবাদিকৰে হোৱা এক বাৰ্তালাপত অগপৰ সাধাৰণ সম্পাদক গৰাকীয়ে কয়,অচিৰেই এআইইউডিএফ – কংগ্ৰেছৰ দুজনকৈ মুঠ চাৰিজন বিধায়কে যোগদান কৰিব অগপত ৷ তেওঁ আৰু এখোজ আগুৱাই দৃঢ়তাৰে কয় জানুৱাৰীৰ প্ৰথমটো সপ্তাহতে এআইইউডিএফৰ দুই বিধায়ক যোগদান কৰাটো নিশ্চিত ৷ একেদৰে কংগ্ৰেছৰ দুই সংখ্যালঘু বিধায়ক অগপৰে সঘন যোগাযোগত আছে ৷ সকলো ঠিকে থাকিলে হয়তো কংগ্ৰেছৰ দুই বিধায়কেও জানুৱাৰীৰ শেষৰফালে নতুবা ফেব্ৰুৱাৰীত যোগদান কৰিব অগপত ৷

Exit mobile version