ক্রমে বিচ্ছিন্ন হৈছে আফ্রিকা-আৰৱৰ ভূগর্ভস্থ ফলক, নতুন সাগৰ সৃষ্টিৰ সম্ভাৱনা

2023 05 12t171741z1913307721rc21x0amimz7rtrmadp3mexico volcano 16844535809241269849620 149 0 1196 2000 crop 16844539421882097170405

Africa:✒️পূব আফ্রিকাৰ অন্যতম দেশ ইথিঅ’পিয়াৰ একেবাৰে উত্তৰ-পশ্চিম প্রান্তৰ কক্ষ, শুষ্ক তথা সেৰেঙা জনবসতিৰ অঞ্চলত অলপতে এটা সুপ্ত আগ্নেয়গিৰি জাগ্রত হয়। ১২ হেজাৰ বছৰৰ পাছত উদ্‌গীৰণ ঘটা এই আগ্নেয়গিৰিৰ নাম হৈছে হায়লি গুব্বি। আকস্মিকভাবে হোৱা অগ্নুৎপাতৰ ফলত ওলোৱা ধোঁৱা আৰু ছায়ে চৌদিশে আতংকৰ সৃষ্টি কৰে। আনকি ছাই মিহলি ধোঁৱাই ভাৰতৰ উত্তৰ আৰু পশ্চিম অঞ্চলৰ আকাশমাৰ্গও ছানি ধৰে। ফলত ভাৰতৰো বহু অংশৰ বিমান সংস্থাই বহু বিমানৰ চলাচল বাতিল কৰে।

বিজ্ঞানীসকলৰ মতে সুদীর্ঘ ১২ হেজাৰ বছৰৰ পাছত হায়লি গুব্বিৰ উদ্‌গীৰণ ঘটে। এই আগ্নেয়গিৰি উদ্‌দ্গীৰণ ঘটাৰ সময় (অর্থাৎ ভাৰতীয় সময় মতে যোৱা ২৩ নৱেম্বৰ)ত ইথিঅ’পিয়া ভ্রমণৰত অৱস্থাত আছিল ব্রিটেইনৰ ছাউডাম্পটন বিশ্ববিদ্যালয়ৰ ভূবিজ্ঞানী ডেৰেক কিয়েৰ। পাছত তেওঁ ঘটনাস্থলীৰ পৰা ছাইৰ নমুনা সংগ্ৰহ কৰে।

এই ছাই বিশ্লেষণৰ জৰিয়তে সুপ্ত আগ্নেয়গিৰিটোৰ উদ্‌দ্গীৰণৰ কাৰণ জানিব পৰা হ’ব বুলি বিজ্ঞানীসকলে প্রকাশ কৰিছে। গতিকে আফ্ৰিকাৰ এই অঞ্চললৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ ভূবিজ্ঞানীৰ আগমনৰ সম্ভাৱনা প্ৰৱল হৈছে। বিজ্ঞানীসকলৰ মতে বৰ্তমানলৈ পৃথিৱীৰ সৰ্ববৃহৎ সক্রিয় আগ্নেয়গিৰি হৈছে হাৱাই দ্বীপৰ মৌনা লোয়া।

২০২২ত অন্তিমবাৰৰ বাবে এই আগ্নেয়গিৰিৰ উদ্‌দ্গীৰণ ঘটে। সম্প্রতি বিজ্ঞানীসকলৰ ধাৰণা হ’ল যে হায়লি গুব্বি আগ্নেয়গিৰিৰ চৰিত্ৰও মৌনা লোয়া আগ্নেয়গিৰিৰ দৰে। এনে আগ্নেয়গিৰিৰ উদ্‌দ্গীৰণ ঘটিলে বৃহৎ পৰিমাণৰ লাভা নির্গত হয়। গতিকে এনে আগ্নেয়গিৰিৰ পৰা সাধাৰণতে ধোঁৱা কম নির্গত হয়। কিন্তু হায়লি গুব্বিৰ শেহতীয়া উদ্‌দ্গীৰণৰ ফলত প্ৰচুৰ ধোঁৱা নিৰ্গত হয়।

সেয়েহে এই ঘটনাক বিৰল আখ্যা দিছে ব্রিটেইনৰ ব্রিস্টল বিশ্ববিদ্যালয়ৰ ভূবিজ্ঞানী জুলিয়েট বিগছেই। ভূবিজ্ঞানীসকলৰ মতে হায়লি গুব্বি আগ্নেয়গিৰি পূব আফ্ৰিকাৰ ‘ৰিফ্ট জ’ন’ত অৱস্থিত। এই অঞ্চলৰ ভূগৰ্ভত আফ্রিকান আৰু আৰবীয় ফলকৰ গতিবিধি সলনি হৈছে। ফলত দুয়োখন ফলক ক্রমে বিচ্ছিন্ন হ’বলৈ ধৰিছে।

ফলক দুখন বছৰি ০.৪ ইঞ্চিৰ পৰা ০.৬ ইঞ্চি পর্যন্ত আঁতৰি যাবলৈ ধৰিছে। এই সম্পৰ্কত উত্তৰত কেৰ’লাইনা ষ্টেট বিশ্ববিদ্যালয়ৰ ভূমিকম্প বিশেষজ্ঞ আৰিয়ানা ছ’ল্ডাটিৰ মতে যদি এই দুই ফলকৰ এনে আচৰণ অব্যাহত থাকে তেন্তে আফ্রিকা আৰু আৰৱ অঞ্চলত এখন নতুন সাগৰ সৃষ্টিৰ সম্ভাৱনা আছে। গতিকে এই আগ্নেয়গিৰিৰ অগ্ন্যুপাতে ভৱিষ্যতৰ এক বিপদৰ ইংগিত দিয়া বুলি একাংশ ভূবিজ্ঞানীয়ে ধাৰণা কৰিছে।

উল্লেখ্য যে ফলক দুখনৰ চলমান অৱস্থাৰ বাবেও হায়লি গুব্বিৰ আগ্নেয়গিৰিৰ উদ্‌দ্গীৰণ ঘটিব পাৰে বুলি ভূবিজ্ঞানীসকলে সন্দেহ প্ৰকাশ কৰিছে। বিজ্ঞানীসকলৰ মতে ভূগর্ভস্থ ফলক বিচ্ছিন্ন হ’বলৈ ধৰিলে, সংশ্লিষ্ট ফলক তুলনামূলকভাৱে পাতল হ’বলৈ ধৰে। ভূত্বকীয় ফলকৰ এনে অৱস্থাৰ বাবে পৃথিৱীৰ ভূগৰ্ভৰ মাজভাগত থকা উত্তপ্ত ছাই, শিল বাহিৰলৈ ওলাই আহে।

আগ্নেয়গিৰিৰ উদ্‌গীৰণৰ কাৰণো সাধাৰণতে ইয়ে হয়। অৱশ্যে হায়লি গুব্বি আগ্নেয়গিৰি উদ্‌দ্গীৰণৰ প্ৰকৃত কাৰণ বৰ্তমানলৈ পোহৰলৈ অহা নাই। এনে অৱস্থাতে একাংশ বিজ্ঞানীয়ে আশংকা কৰিছে যে পুনৰ এই আগ্নেয়গিৰিৰ অগ্নুৎপাতৰো আশংকা আছে।

Exit mobile version