ব্ৰিটেইনত ভাৰতীয় ছাত্ৰক হানি খুচি হত্যা!

1764484272 haryana man

UK:✒️হাৰিয়ানাৰ এজন ৩০ বছৰীয়া যুৱক উচ্চ শিক্ষাৰ বাবে ব্ৰিটেইনলৈ গৈছিল।ৱৰ্চেষ্টাৰত তেওঁক হানি খুচি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ।

বিজয়কুমাৰ শ্বেওৱান নামৰ যুৱকজন হাৰিয়ানাৰ চৰখী দাদৰিৰ বাসিন্দা। তেওঁ ভাৰতীয় শুল্ক বিভাগত কাম কৰি আছিল।

পৰৱৰ্তী সময়ত কেন্দ্ৰীয় চৰকাৰৰ সেই চাকৰিটো এৰি তেওঁ বহিঃৰাজ্যত পঢ়া-শুনা কৰিবলৈ যায়।

বিজয়ৰ মৃত্যু সন্দৰ্ভত এতিয়াও কোনো বিবৃতি প্ৰকাশ কৰা নাই ব্ৰিটিছ আৰক্ষীয়ে।হাৰিয়ানাৰ কোনোবাই তেওঁক হত্যা কৰিছে বুলি পৰিয়ালৰলোকে দাবী কৰে।

পৰিয়ালৰ সদস্যসকলে তেওঁৰ মৃতদেহ বহিঃৰাজ্যৰ পৰা ঘূৰাই আনিবলৈ অনুৰোধ জনোৱাৰ লগতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ কাষ চাপিছে।তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

Exit mobile version