হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ দিনটোৰ পৰা যোৱা ১৯ নৱেম্বৰলৈ ৩৯ জন অভিযুক্তই আৰক্ষীৰ জিম্মাত প্রাণ হেৰুৱাইছে। আনহাতে, এই সময়ছোৱাতে আৰক্ষীয়ে জিম্মাত লোৱাৰ পূৰ্বেই মৃত্যু হয় ৪১ জন অভিযুক্তৰ। ৰাজ্যৰ গৃহ বিভাগে আজি অসম বিধানসভাত এই তথ্য দাখিল কৰে। এই সম্পর্কত উত্থাপিত কে’বাটাও প্ৰশ্নৰ উত্তৰত গৃহ বিভাগে লগতে সদৰী কৰে যে আৰক্ষীৰ জিম্মাত থকাৰ সময়ত ১৮৩ জন আঘাতপ্রাপ্ত তথা গুলিবিদ্ধ হয়।
আকৌ আৰক্ষীৰ জিম্মাৰ পূৰ্বে আঘাতপ্রাপ্ত তথা গুলিবিদ্ধ হোৱা লোকৰ সংখ্যা হ’ল ৪০ জন। উল্লেখ্য যে ৰাজ্যত সঘনে আৰক্ষীৰ গুলিত অভিযুক্ত আহত হোৱাৰ ঘটনা সংঘটিত হৈ আহিছে। ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়েও মাত মাতিবলৈ বাধ্য হৈছে। উচ্চতম ন্যায়ালয়ে ঘটনাবোৰৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈও ইতিপূর্বে নির্দেশ দিছে।
বৰ্তমানৰ চৰকাৰৰ কার্যকালত সংঘটিত ঘটনাবোৰৰ ১৮০ টাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত কৰা হৈছে। ইয়াৰ বিপৰীতে ৮০ টাৰ এনে তদন্ত কৰা হোৱা নাই। উল্লেখ্য যে ৰাজ্যত সংঘটিত এনেধৰণৰ বহু ঘটনাৰ ক্ষেত্ৰত আৰক্ষীয়ে দাবী কৰি আহিছে যে অভিযুক্তক লৈ তদন্ত কৰিবলৈ যোৱাৰ সময়তে অভিযুক্তই আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰে।
তাৰ ফলত আৰক্ষীয়ে ভৰিত গুলীয়াই তেওঁলোকক বখাবলৈ বাধ্য হয়। বহুকেইটা ঘটনাত আৰক্ষীৰ মাৰণাস্ত্ৰ কাঢ়ি পলায়নৰো চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। আৰক্ষীৰ জিম্মাত ২০২১, ২০২২, ২০২৩ আৰু ২০২৪ত মৃত্যু হোৱাৰ লোকৰ সংখ্যা আছিল ক্রমে ১২ জন, ১৫ জন, চাৰিজন আৰু সাতজন। আৰক্ষীয়ে জিম্মাত লোৱাৰ বাবে উক্ত বর্ষকেইটাত মৃত্যু হয় ক্রমে ১৯, তিনি, ন আৰু তিনিজন লোকৰ।
আৰক্ষীৰ জিম্মাত থাকোতেই আঘাতপ্রাপ্ত অথবা গুলিবিদ্ধ হোৱা লোকৰ সংখ্যা উক্ত বর্ষকেইটাত আছিল ক্রমে ৫৪,৬৯,৩২ আৰু ২১। আনহাতে, আৰক্ষীয়ে জিম্মাত লোৱাৰ পূর্বে আঘাতপ্রাপ্ত তথা গুলিবিদ্ধ হোৱা লোকৰ সংখ্যা আছিল ২০২১৩ ১৩, ২০২২ত ১০, ২০২৩ত তিনি আৰু ২০২৪৩ ১৪। চলিত বৰ্ষৰ যোৱা ১৯ নৱেম্বৰলৈ আৰক্ষীৰ জিম্মাত এজন লোকৰ মৃত্যু হয়।
আৰক্ষীৰ জিম্মাৰ পূৰ্বে মৃত্যু হয় সাতজন লোকৰ। আৰক্ষীৰ জিম্মাত থকা অৱস্থাত আঘাতপ্রাপ্ত অথবা গুলিত আহত হয় সাতজন লোক। উল্লেখ্য যে অখিল গগৈৰ এক প্ৰশ্নৰ উত্তৰত উক্ত তথ্য সদৰী কৰে।






























