Guwahati:
মহানগৰীৰ অসম-মেঘালয় সীমান্তৱৰ্তী বশিষ্ঠ,পিলিংকাটাত নিশা সংঘাতময় পৰিস্থিতি ৷অসমৰ একাংশ মহিলাক খাচী মহিলাৰ উপযুপৰি প্ৰহাৰ কৰে ৷
উল্লেখ্য যে মেঘালয়ৰ ভূমিত থকা এখন ফলকৰ লিখনি কোনো লোকে ক’লা ৰঙেৰে মচি দিয়ে ৷ ইয়াকে লৈ স্থানীয় বহু সংখ্যক খাচী মহিলাই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ ইয়াৰ পিছত একত্ৰিত খাচি মহিলাৰ দল এটাই অসমৰ এলেকাধীন পিলিংকাটাৰ অসমৰ মহিলাৰ ওপৰত জপিয়াই পৰে ৷ ঘটনাত কেইবাগৰাকী স্থানীয় মহিলা-যুৱতী আহত হয়৷ ঘটনাৰ পিছতে দুই ৰাজ্যৰ আৰক্ষী আৰু প্ৰশাসনৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷
স্মতৰ্ৱ্য যে এই ঘটনাই প্ৰথম নহয় ৷ ইয়াৰ পূৰ্বেও বশিষ্ঠৰ পিলিংকাটা অঞ্চলটো নিজৰ বুলি দাবী কৰি সীমান্তৱৰ্তী খাচি লোকে প্ৰায়ে আক্ৰমণ লক্ষ্য কৰি লয় স্থানীয় অসমীয়া লোকক ৷ দেওবাৰে নিশাও মেঘালয়ৰ ভূমিত থকা এখন ফলক মচি দিয়াক কেন্দ্ৰ কৰি অনুৰূপ ধৰণে খাচি মহিলা অসমীয়া ওপৰত জপিয়াই পৰে ৷ বৰ্তমানেই চেপা উত্তেজনা অব্যাহত আছে বশিষ্ঠ,পিলিংকাটাত ৷




































