Student Leader arrested:
কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ কৰাৰ অভিযোগত আটক কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি দ্বীপশেখৰ কলিতাক৷ দেওবাৰে এখন দোকানত চাহ খাই থকা অৱস্থাতে পানবজাৰ আৰক্ষীয়ে আটক কৰে ছাত্ৰ নেতাজনক ৷
উল্লেখ্য যে তিনিদিন পূর্বে কলেজ ৰোডত সংঘটিত হৈছিল এক মাৰপিটৰ ঘটনা ৷ এই ঘটনাত ছাত্ৰ নেতাজনে কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ কৰা অভিযোগ উদ্থাপিত হৈছিল I আনকি নেতাজনৰ বিৰুদ্ধে পানবজাৰ আৰক্ষী থানাত ৰজু হৈছিল গোচৰ ৷
আনহাতে ছাত্ৰ একতা সভাৰ সভাপতি দ্বীপশেখৰ কলিতাক আৰক্ষীয়ে কৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিশ্ববিদ্যালয়ৰ সীতানাথ ব্রহ্মচৌধুৰী ছাত্রাবাসৰ আবাসী সকল ৷ সোমবাৰে থানাৰ সন্মুখত বহি প্রতিবাদ সাব্যস্ত কৰে সীতানাথ ব্রহ্মচৌধুৰী ছাত্রাবাসৰ আবাসী সকলে ৷ প্ৰতিবাদকাৰী ছাত্ৰসকলৰ মতে দ্বীপশেখৰ কলিতাই কোনো আৰক্ষীক প্ৰহাৰ কৰা নাছিল ৷ বৰং নিচাগ্রস্ত অৱস্থাত আৰক্ষী বিষয়াজন ৷
