শীতৰ সন্ধিয়াৰ আকাশত জিলিকিব ‘শীতল চন্দ্র’

AP22046387189961

The moon rises over mountings near the sliding center, during the 2022 Winter Olympics, Tuesday, Feb. 15, 2022, in the Yanqing district of Beijing. (AP Photo/Dmitri Lovetsky)

Supermoon:✒️বছৰটো শেষ হ’বলৈ আৰু বেছি দিন নাই। মাত্র এটা মাহহে বাকী আছে। তীব্রতা নাথাকিলেও ইতিমধ্যে শীতৰ আগমন হৈছে। সূর্য ডুব যোৱাৰ পাছতে কুঁৱলীৰ পৰশৰ উমান পোৱা গৈছে। সন্ধিয়া গৰম কাপোৰ পৰিধান কৰি গৰম চাহৰ কাপত চুমুক দি আৰাম লোৱাৰ সময় আহি পৰিছে। এনে শীতল দিনত আকৌ বহুতে প্রকৃতিৰ কোলাত সময় অতিবাহিত কৰিবলৈকো পছন্দ কৰে। ওলাই যায় বাহিৰলৈ। তেনে অৱস্থাতে আকাশখন প্রায় ঢাকি ৰখা বিশাল চন্দ্ৰৰ সৌন্দৰ্য দেখি বহুতেই মন্ত্রমুগ্ধ হৈ পৰে।

তেনেকুৱা মুগ্ধ কৰি তোলা উজ্জ্বলতম চন্দ্রটো দেখা যাব এই সপ্তাহতে। পূৰ্ণিমাৰ এই চন্দ্ৰটোৰ পোছাকী নাম ‘ক’ল্ড মুন’। অৱশ্যে বিজ্ঞানীসকলে জনাইছে যে এইটোৱেই হ’ব এই বছৰৰ অন্তিমটো ‘ছুপাৰমুন’।অহা চাৰি ডিচেম্বৰেই সেই মাহেন্দ্রক্ষণ। সূর্য ডুবাৰ পাছতে পৃথিৱীয়ে শীতৰ চাদৰখন গা মেৰিয়াই লোৱাৰ সময়তে অন্ধকাৰ আকাশ পোহৰ কৰি হ’ব চন্দ্রোদয়। এই পূর্ণচন্দ্ৰ শীতৰ আকাশত দেখা যায় কাৰণেই ইয়াৰ আন এক নাম ‘ক’ল্ড মুন’।

ইয়াৰ আন এটা নাম হৈছে ‘লং নাইট মুন’, অর্থাৎ দীর্ঘ সময়ৰ বাবেই এই চন্দ্রই আকাশ পোহৰ কৰি ৰাখিব। আচলতে চন্দ্ৰটো যেতিয়া পৃথিৱীৰ একেবাৰে ওচৰলৈ গুচি আহে, তেতিয়া ইয়াক আৰু বেছি ডাঙৰ আৰু উজ্জ্বল দেখা যায়। সেই উজ্জ্বলতাৰ বাবেই ‘ছুপাৰমুন’ আখ্যা পাইছে পৃথিৱীৰ একমাত্র গ্রহটোরে। একাংশ জ্যোতির্বিজ্ঞানীয়ে জনাইছে যে অহা চাৰি ডিচেম্বৰ অৰ্থাৎ বছৰৰ অন্তিম ‘ছুপাৰমুন’ উদয়ৰ দিনা চন্দ্রটো হেনো ৯০ শতাংশ পৃথিৱীৰ কাষলৈ গুচি আহিব।

নাছাৰ সূত্রই জনাইছে যে সূর্য অস্ত যোৱাৰ পাছতেই চন্দ্রোদয় হ’ব। নিউ য়র্ক, লছ এঞ্জেলছত বিয়লি চাৰিৰ পৰা পাঁচ বজাৰ ভিতৰত সবাতোকৈ ভালদৰে দৃশ্যমান হ’ব পূর্ণচন্দ্ৰ। অৱশ্যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ আকাশলৈ দৃষ্টি দিলেই দেখা পোৱা যাব বছৰৰ অন্তিম ‘ছুপাৰমুন’। অধিক ভালদৰে দেখা যাব চহৰৰ উপকণ্ঠ বা গাঁও অঞ্চলৰ পৰা, য’ত চহৰৰ উজ্জ্বল কৃত্রিম পোহৰ নাথাকে। টেলিস্কোপৰ সাহায্য ল’লে আৰু ভালদৰে চন্দ্ৰৰ সৌন্দৰ্য চকুত পৰিব।

Exit mobile version