Dima Hasao:
পাৰ্বত্য জিলা ডিমা হাছাও-কাছাৰ সীমান্তত নিশা আৰক্ষীৰ এনকাউণ্টৰ । আৰক্ষীৰ গুলীত নিহত হয় নিষিদ্ধ উগ্রপন্থী সংগঠন এইছপিচি(ডি) কেডাৰ।
ডিমা হাছাওৰ জিনাম ভেলীত নিষিদ্ধ সংগঠনৰটোৰ একাংশ কেডাৰে ৰাজপথত নৈশবাছ ৰখাই লুটপাত কৰাৰ উদ্দেশ্যৰে বাছ চালকলৈ লক্ষ্য কৰি গুলীচালনা কৰে ৷
সেই সময়তে আৰক্ষীৰ নিয়মীয়া টহলকাৰী দল এটা ঘটনাস্থলীত উপস্থিত হয় ৷ আৰক্ষীক দেখি উগ্রপন্থী দলটোবে গুলীবৰ্ষণ কৰে ৷ প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলীচালনা কৰাত থিতাতে নিহত হয় এজন কেডাৰ ৷ আন সকল কেডাৰ এন্ধাৰৰ সূযোগ লৈ পলায়ন কৰে ৷ নিহত এইছপিচি(ডি) কেডাৰজনৰ পৰিচয় জানিব পৰা হোৱা নাই ৷ নিশাই ঘটনাস্থলীত অধিক আৰক্ষী উপস্থিত হৈ উগ্ৰপন্থীৰ সন্ধানত আৰম্ভ কৰিছে অভিযান।




































