NIDFF Film festival:জ্যোতি চিত্ৰবনত ‘ভূপেন জুবিন কুইজ’ আৰু NIDFF ফিল্ম ফেষ্টিভেলৰ বঁটা প্ৰদান অনুষ্ঠান

z b

NIDFF Film festival:

অহা ১৩ ডিচেম্বৰত মহানগৰীৰ জ্যোতি চিত্ৰবনৰ কলাগুৰু প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব তৃতীয় NIDFF ফিল্ম ফেষ্টিভেলৰ বঁটা প্ৰদান অনুষ্ঠান। ৰেড কাৰ্ডিনেল মোশ্যন পিকচাৰ্ছ (RCMP) আৰু AGCSয়ে আয়োজন কৰা এই ফেষ্টিভেলত দেশ বিদেশৰ ১৫ খন দেশৰ ১৬২ খন চিনেমাই এইবাৰ ভাগ লৈছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ তিনিদিনীয়া কাৰ্যসূচীৰ পৰিৱৰ্তে এদিনীয়াকৈ এই ফিল্ম ফেষ্টিভেল আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। গতিকে নিৰ্দিষ্ট একাংশ চুটি চিনেমা প্ৰদৰ্শন, চিনেমা বিষয়ক আলোচনা আৰু বঁটা প্ৰদান অনুষ্ঠানেৰে চলিত বৰ্ষৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জীৱন আধাৰিত ‘ভূপেন জুবিন কুইজ’ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন হ’ব।

Exit mobile version