Sribhumi Masjid:মছজিদৰ মাইকৰ বাবেই ৰক্ষা পৰিল সাতজনকৈ হিন্দু লোক

পুৱতি নিশা মছজিদৰ কাষৰ পুখুৰীত পৰা বাহন এখন উদ্ধাৰ বাবে ৰাইজক আহ্বান জনাইছিল ইমামে, ৰাইজে তৎপৰতাৰে বাহনৰ পৰা নিৰাপদে উদ্ধাৰ কৰে সাতজনকৈ লোকক

imam

Sribhumi Masjid:

মানৱতাৰ নাই কোনো ধৰ্ম ৷ এইষাৰ কথা সচাঁ অৰ্থত প্ৰমাণিত কৰিলে মছজিদৰ এজন ইমামে ৷ তেওঁৰ উপস্থিত বুদ্ধিৰ বাবে ৰক্ষা পৰিল সাতজন হিন্দু লোকৰ। শ্রীভূমিৰ বাহাদুৰপুৰ-বড়বাড়ি জামে মছজিদৰ কাষত পুৱতি নিশা চাৰি বজাত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা ৷ মছজিদৰ কাষতে থকা এটা পুখুৰীত পৰে এখন বাহন ৷ বাহন খনত আছিল সাতজনলোক ৷

পুৱাৰ নামাজ পঢ়িবলৈ টোপনিৰ পৰা উঠা মছজিদৰ ইমাম মৌলানা আব্দুল বাছিতে
দেখা পাইছিল সেই দৃশ্য ৷ তেওঁ এক মিনিট সময়ো বিলম্ব নকৰি উপস্থিত বুদ্ধিৰে মছজিদৰ মাইকযোগে উদ্ধাৰৰ বাবে মাতিছিল ৰাইজক ৷ মাইকত এই বাৰ্তা পাই তৎক্ষণাত ৰাইজ আহি পুখুৰীত পৰা দুৰ্ঘটনাগ্ৰস্ত বাহনখন খনৰ পৰা নিৰাপদে উদ্ধাৰ কৰে লোককেইজনক ৷ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী ৷ আৰক্ষীয়ে ক্ৰেনৰ সহায়ত আজি পুৱা পুখুৰীৰ পৰা উঠাই বাহন খন ৷

ইমাম মৌলানা আব্দুল বাছিতৰ এই মহানুভৱতাত সকলোৱে কৰিছে উচ্চ প্ৰশংসা ৷ ইমামজনৰ বাবে এটা নতুন জীৱন পোৱা বাহন খনৰ সাতোজন লোকে হাঁহিমুখে মছজিদত দান দি গ’ল কিছু টকা।

Exit mobile version