চত্তীশগড়ত মাওবাদী বিৰোধী অভিযানত বৃহৎ সফলতা

IMG 20251203 171915

Chhattisgarh:✒️চত্তীশগড়ত মাওবাদী বিৰোধী অভিযানত আন এক বৃহৎ সফলতা। বুধবাৰে বিজাপুৰ সীমান্ত এলেকাত এক অভিযানৰ সময়ত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত পাঁচজন মাওবাদী নিহত হোৱাৰ বিপৰীতে এজন জোৱানো শ্বহীদ হয়।

তথ্য অনুসৰি,অঞ্চলটো আগুৰি বৰ্তমানো মাওবাদীৰ স’তে বন্দুকৰ যুঁজ অব্যাহত আছে। ফলত মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

তথ্য অনুসৰি, গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰি বুধবাৰে পুৱা মাওবাদীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীয়ে অভিযান আৰম্ভ কৰে। দন্তেৱাড়া-বিজাপুৰ সীমান্তৰ ভৈৰামগড় অঞ্চলৰ কেছাকুটুল বনাঞ্চলৰ এক বৃহৎ অংশ ঘেৰাও কৰি এই অভিযান আৰম্ভ হয়।দলটোত আছিল ডি আৰ জি, এছ টি এফ আৰু কোব্ৰা বেটেলিয়ন।

অঞ্চলটো ঘেৰাও কৰি তাল্লাচি চলোৱাত পিছুৱাই যাবলৈ ঠাই নাপাই আকস্মিক আক্ৰমণ চলাই।এই আক্ৰমণত শ্বহীদ হয় এজন জোৱান।তথ্য অনুসৰি তেওঁ এজন ডি আৰ জিৰ এজন সদস্য ।

ইফালে গুৰুতৰভাৱে আহত হয় আন এজন লোক । এই আক্রমণৰ প্ৰত্যুত্তৰ লয় নিৰাপত্তাবাহিনীয়ে। দুয়োপক্ষৰ মাজত দীৰ্ঘসময় বন্দুকৰ যুঁজৰ অন্তত বৰ্তমানলৈকে পাঁচজন মাওবাদী নিহত হৈছে। অঞ্চলটোত আৰু কেবাজনো মাওবাদী আত্মগোপন কৰি আছে বুলি অনুমান কৰা হৈছে।

Exit mobile version