সময় বহু আগবাঢ়ি গ’ল, সমাজ আধুনিক হ’ল আৰু মানুহ শিক্ষিত হ’ল যদিও সমাজৰ পৰা আজিও জাত-পাতৰ বিচাৰ আঁতৰ হোৱা নাই। এই জাত-পাত বিচাৰৰ শেহতীয়াভাৱে সাক্ষী হৈছে আন্তর্জাতিক খ্যাতিসম্পন্ন যাদুকৰ পি চি সৰকাৰ জুনিয়ৰ।
তেওঁ আৰু তেওঁৰ পত্নী জয়শ্রী সৰকাৰে নিজৰ তিনি কন্যাৰ পাত্ৰ বিচাৰি যোৱা বছৰ বাতৰি কাকতত বিজ্ঞাপন দিয়ে। এই বিজ্ঞাপনত দৰাৰ বয়স ৩৮ৰ পৰা ৪৫ বছৰ আৰু দৰা যিকোনো ধৰ্ম বা জাতি বা বৰ্ণৰ হ’ব পাৰিব বুলি তেওঁলোকে উল্লেখ কৰে। তদুপৰি পাত্ৰ উপযুক্ত, সুদর্শন, দীর্ঘকায়ী আৰু সুপাত্র হোৱাটোও তেওঁলোকে বিচাৰে।
আশ্চর্যজনক যে বিজ্ঞাপন প্ৰকাশৰ এবছৰৰ পাছতো তেওঁলোকৰ দুগৰাকী কন্যাৰ বাবে পাত্র নোলাল। অৱশ্যে ইয়াৰ মাজতে তেওঁলোকৰ দ্বিতীয় কন্যা মৌবনী সৰকাৰৰ পাত্ৰ ওলাল। সেই অনুসৰি যোৱা ৩০ নৱেম্বৰত দুয়োৰে বিবাহ সম্পন্ন হয়।
সৰকাৰ দম্পতীৰ জ্যেষ্ঠ আৰু কনিষ্ঠ কন্যাৰ বাবে আজিলৈকে পাত্র নোলোৱাত দুয়ো হতভম্ব হৈছে। ইয়াৰ কাৰণ বিজ্ঞাপনত পাত্র যিকোনো জাতি বা ধৰ্মৰ হ’ব পাৰে বুলি উল্লেখ কৰাটো বুলি সৰকাৰ দম্পতীয়ে ধাৰণা কৰিছে। সৰকাৰ দম্পতীৰ জ্যেষ্ঠ আৰু কনিষ্ঠ কন্যাৰ নাম হ’ল মমতাজ আৰু মানেকা।
এই দুই কন্যাৰ বাবে উপযুক্ত পাত্র নোপোৱাক লৈ কিছু পৰিমাণে হতাশ হৈ যাদুকৰ সৰকাৰে কয়, ‘ক’বলৈও লাজ লগা হৈছে! মানুহ আধুনিক হৈছে, শিক্ষিত হৈছে। তৎসত্ত্বেও এতিয়াও জাত-ধর্ম-বৰ্ণৰ বাছ-বিচাৰ সমাজত চলি আছে। আমি যাদুৰ জৰিয়তে নিজকে যেনেদৰে প্রকাশ কৰো তেনেদৰে সমাজেও আচৰণ কৰাটো আমি বিচাৰো।’
তেওঁ লগতে কয় যে এই জাতি-ধর্ম-বৰ্ণৰ বিচাৰৰ সমস্যা তেওঁ নিজৰ কন্যাৰ বাবে পাত্র বিচৰাতে নহয়, পূর্বেও তেনে সমস্যাৰ তেওঁ সম্মুখীন হৈছিল। তেওঁৰ পিতৃও এনে সমস্যাৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰি যাদুকৰ সৰকাৰে লগতে কয়, ‘আমাৰ পিতৃক বহুতে কৈছিল যে সৰকাৰ উপাধি অনেক জাততকৈ নীচ আছিল। মই তেতিয়া বুজিয়ে পোৱা নাছিলো। উচ্চ বা নীচ আচলতে কি?অৱশ্যে আমাৰ উপাধি দেৱ সৰকাৰ আছিল। জমিদাৰিত্ব পোৱা সূত্রে এই দেৱ সৰকাৰ উপাধি পোৱা হৈছিল। আমি কেতিয়াও নিজৰ কথা বঢ়াই নকওঁ। দৰাচলতে আমি সঠিক মানুহ বিচাৰো।’
দ্বিতীয় কন্যাৰ পাত্ৰ পছন্দ হোৱাৰ পাছতো প্রথমে বিয়াৰ কথা ওলোৱা নাছিল বুলিও তেওঁ জনায়। হ’বলগীয়া জোঁৱাইৰ স’তে কন্যাক কিছু সময় থাকিবলৈ দিয়ে তেওঁ। দুয়োৰে মত মিলাৰ পাছত বিয়াৰ আয়োজন কৰে সৰকাৰ দম্পতীয়ে। অৱশ্যে পাত্র বাছনিৰ ক্ষেত্ৰত সৰকাৰতকৈ তেওঁৰ পত্নীয়ে প্রথম পর্যায়ত অধিক সক্রিয় ভূমিকা পালন কৰে। তৎসত্ত্বেও শেষ সিদ্ধান্ত সৰকাৰে গ্ৰহণ কৰিলে। তেওঁলোকৰ কনিষ্ঠ কন্যা ওখ হোৱাৰ পৰিপ্ৰেক্ষিতত পাত্ৰৰ পছন্দ হ’লেও উচ্চতাক লৈ সমস্যা আছে। তদুপৰি এই গৰাকী কন্যা অত্যন্ত স্পষ্টবাদী। একেদৰে তেওঁলোকৰ জ্যেষ্ঠ কন্যাৰ শিক্ষা-দীক্ষা বহু বেছি। তদুপৰি তেওঁ অসম্ভৱ যুক্তিবাদী আৰু ঈশ্বৰ অবিশ্বাসী নহয়। যাদু-কলাৰে অনেকক মন্ত্রমুগ্ধ কৰি অহা সৰকাৰক কিয় যাদুৰ বলেৰে জোঁৱাই বাছনি নকৰে বুলি প্রশ্ন কৰাত তেওঁ কয়, ‘জোঁৱাইসকলৰ স’তে যাদু কৰিব নোৱাৰি। শিল্পীৰ হৃদয়ৰ সবাতোকৈ দুৰ্বল অংশ তেওঁলোকে দখল কৰি থাকিব।’
কন্যাৰ বাবে পাত্ৰৰ সন্ধান সন্দৰ্ভত যাদু শিল্পীজনে লগতে কয়, ‘বাতৰি কাকতত পাত্র-পাত্রী বিচাৰি দিয়া বিজ্ঞাপনত যিদিনাই নির্দিষ্ট বর্ণ বা জাতৰ কথা উল্লেখ কৰাটো বন্ধ হ’ব, সেইদিনাই বুজি পোৱা যাব যে সমাজ সলনি হৈছে।’






























