Road Accident in Khetri:
ৰাজ্যত পুৱাই সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত প্ৰাণ গ’ল দুজনকৈ লোকৰ ৷ আহত হয় পাঁচজন লোকৰ ৷ ক্ষেত্ৰীৰৰ তেতেলীয়াৰ ৰাষ্ট্ৰীয় ঘাইপথত নগাঁৱৰ পৰাগুৱাহাটী অভিমুখী আৰ্টিকা বাহন এখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড খুন্দা মাৰে ডিভাইডাৰত ৷ ফলত সম্পূৰ্ণৰূপে বিধ্বস্ত হয় বাহন খন ৷ বাহন খনৰ চালক সহ এজন আৰোহী থিতাতে নিহত হোৱাৰ বিপৰীতে আন পাঁচ আৰোহী সংকটজনক অৱস্থাত ভৰ্তি কৰা হাস্পতালত ৷ ঘন কুঁৱলীৰ বাবেই পথ দুৰ্ঘটনাৰ সন্দেহ স্থানীয় লোকৰ।
ADVERTISEMENT
আনহাতে দুৰ্ঘটনাৰ পিছতে আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা মৰনোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰাৰ লগতে দুৰ্ঘটনাৰ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰে ৷




































