ভাৰতৰ নতুন দবা তাৰকা তিনি বছৰীয়া সর্বজ্ঞা

532c623a 596e 4efb 8a07 bffc9f1b497a

Chess prodigy:মধ্যপ্ৰদেশৰ এখন সৰু চহৰ সাগৰৰ বাসিন্দা সর্বজ্ঞা সিং কুশৱাহাই বিশ্ববাসীক আচৰিত কৰি তুলিছে। মাত্র তিনি বছৰ সাত মাহ ১৩ দিন বয়সতে তেওঁ বিশ্বৰ আটাইতকৈ কম বয়সীয়া ইণ্টাৰনেচনেল চেচ ফেডাৰেছন চমুকৈ এফআইডিই ৰেপিড ৰেটিং খেলুৱৈৰূপে পৰিগণিত হৈছে।

ইণ্টাৰনেচল চেচ ফেডাৰেছনৰ ডিচেম্বৰৰ বেটিং তালিকাত সর্বজ্ঞাই ১.৫৭২ ৰেপিড বেটিং লাভ কৰে, যিটো তেওঁৰ বয়সৰ গোটৰ বাবে এক উল্লেখযোগ্য কৃতিত্ব। ইয়াৰ পূৰ্বে এই অভিলেখ অনিশ সৰকাৰৰ হাতত আছিল, যিয়ে যোৱা বছৰ তিনি বছৰ ১০ মাহ বয়সত এই এফআইডিই বেটিং লাভ কৰিছিল।

বিপৰীতে সর্বজ্ঞাই সর্বনিম্ন কম বয়সতে এই কৃতিত্ব অর্জন কৰি ইতিহাস ৰচনা কৰিছে।উল্লেখ্য যে সর্বজ্ঞাৰ দবা যাত্রা যথেষ্ট আকর্ষণীয়। ম’বাইলৰ পৰা আঁতৰ কৰি ৰাখিবলৈ পিতৃ-মাতৃয়ে তেওঁক দবা শিকাবলৈ আৰম্ভ কৰিলে। লাহে লাহে এই খেলৰ প্ৰতি তেওঁৰ আগ্রহ বাঢ়িল আৰু তেওঁ অনুশীলন কৰিবলৈ ধৰিলে।

কেইমাহমানৰ ভিতৰতে সর্বজ্ঞাই ইমান দক্ষতা অর্জন কৰিছিল যে পিতৃ-মাতৃয়ে তেওঁক প্রতিযোগিতাত অংশগ্ৰহণৰ সুবিধা প্রদান কৰিবলৈ আৰম্ভ কৰিছিল।

ছেপ্টেম্বৰত ২৪ সংখ্যক আৰচিচি ৰেপিড বেটেড কাপত প্ৰথমবাৰৰ বাবে প্রতিদ্বন্দ্বিতা কৰা সৰ্বজ্ঞাই ১,৫৪২ ৰেটিং পোৱা খেলুৱৈক পৰাস্ত কৰি সকলোৰে দৃষ্টি আকর্ষণ কৰে। তাৰ পাছত অক্টোবৰত দ্বিতীয়খন ৰেপিড ৰেটিং অপেন প্রতিযোগিতাত ১,৫৫৯ বেটিং পোৱা খেলুৱৈক পৰাস্ত কৰে।

নৱেম্বৰত ছিণ্ডৱাৰা আৰু ইনড’ৰত অনুষ্ঠিত দুখন প্রতিযোগিতাতো অংশগ্রহণ কৰি অভিজ্ঞ খেলুৱৈক পৰাস্ত কৰি অফিচিয়েল ৰেটিং লাভ কৰে সৰ্বজ্ঞাই। উল্লেখ্য যে এফআইডিই ৰেটিং লাভ কৰিবলৈ হ’লে অন্ততঃ এজন ৰেটিং খেলুৱৈক পৰাস্ত কৰিব লাগিব; কিন্তু সর্বজ্ঞাই তিনিজনক পৰাস্ত কৰিলে। সৰ্বজ্ঞাৰ এই সাফল্য ভাৰতৰ বাবে অত্যন্ত তাৎপর্যপূর্ণৰূপে বিবেচিত হৈছে।

ভাৰতৰ ডি গুকেশ বৰ্তমানৰ বিশ্ব চেম্পিয়ন আৰু দিব্যা দেশমুখ মহিলা বিশ্বকাপ বিজয়ী। এতিয়া সর্বজ্ঞাৰ দৰে নতুন প্রতিভাই প্রমাণ কৰি আছে যে ভৱিষ্যতেও ভাৰতে দবা জগতত আধিপত্য বিস্তাৰ কৰি যাব।

Exit mobile version